গুৱাহাটী, ৪ ডিচেম্বৰঃ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে উত্তৰ-পূবৰ বাবে এটা পৃথক সময় অঞ্চলৰ দাবী জনাইছে। কংগ্ৰেছ সাংসদগৰাকীয়ে শুক্ৰবাৰে লোকসভাত এখন ব্যক্তিগত সদস্য বিধেয়ক উত্থাপন কৰি দেশত অধিক ব্যৱহাৰিক আৰু সামগ্ৰিক প্ৰশাসনৰ ব্যৱস্থা কৰিবলৈ দুটা পৃথক সময় ক্ষেত্ৰ স্থাপন আৰু নিৰ্ধাৰণ কৰিবলৈ দাবী জনায়।
কংগ্ৰেছৰ সাংসদগৰাকীয়ে উক্ত বিষয় সন্দৰ্ভত এক টুইটযোগে সদৰি কৰি কয়, "উত্তৰ-পূবত আগতে সূৰ্যৰ উদয় হয় আৰু ভাৰতীয় সময়ৰ বিৰুদ্ধে প্ৰতিদিনে একৰ পৰা দুই ঘণ্টা উৎপাদনশীলতা সময় হেৰুৱায়। আজি লোকসভাত মই ভাৰতত অধিক ব্যৱহাৰিক আৰু সামগ্ৰিক প্ৰশাসনৰ ব্যৱস্থা কৰাৰ বাবে ২ টা পৃথক সময় ক্ষেত্ৰ স্থাপন আৰু নিৰ্ধাৰণ ৰখাৰ বাবে এখন ব্যক্তিগত সদস্য বিধেয়ক উত্থাপন কৰিছো।"
২০১৭ চনত বেংগালুৰুস্থিত নেচনেল ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজে এটা অধ্যয়ন চলাইছিল, যিয়ে এই সিদ্ধান্তত উপনীত হৈছিল যে উত্তৰ-পূবৰ বাবে এক পৃথক সময় ক্ষেত্ৰই প্ৰতি বছৰে ২.৭ বিলিয়ন ইউনিট বিদ্যুৎ ৰাহি কৰাত সহায় কৰিব পাৰে। উত্তৰ-পূবত, পুৱা ৪ বজাত সূৰ্য উদয় হ'বলৈ ধৰে আৰু সন্ধিয়া ৫ বজাত সূৰ্য অস্ত যাবলৈ আৰম্ভ হয়।
সেয়েহে, উত্তৰ-পূবত মানুহে কাম আৰম্ভ কৰালৈ, আধা দিন পাৰ হৈ যায় আৰু ইয়াৰ বাবে অধিক বিদ্যুৎ ব্যৱহাৰ কৰি সূৰ্যাস্তৰ পিছত অধিক সময় লাইট জ্বলাই কাম কৰি থাকিব লগীয়া হয়। আনহাতে, উত্তৰ-পূবৰ বাবে এক পৃথক সময় ক্ষেত্ৰই সূৰ্যাস্ত হোৱাৰ পূৰ্বে বহুটো কাম কৰিবলৈ সহায় কৰিব,। যাৰ ফলত নাগৰিকসকলে দিনৰ সময়খিনি ভালদৰে ব্যৱহাৰ কৰিব পাৰিব।
Comments