গুৱাহাটী, ৪ ডিচেম্বৰঃ শনিবাৰে পশ্চিম ত্ৰিপুৰাত সংঘটিত এক ভ্ৰাতৃঘাতী ঘটনাত ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ (টিএছআৰ) দুজন জোৱানক সহকৰ্মী জোৱানে গুলীয়াই হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এক বিবাদৰ পিছত, কোনাবানত অ'এনজিচিৰ ড্ৰিলিং স্থানত কৰ্তব্যৰত অৱস্থাত অভিযুক্ত ৩৮ বছৰীয়া টিএছআৰ ৰাইফলমেন সুকন্ত দাসে ৪৭ বছৰীয়া চুবেদাৰ মাৰ্কা সিং জামাতিয়া আৰু ৩৭ বছৰীয়া নাইব চুবেদাৰ কিৰণ জামাতিয়াৰ ওপৰত গুলীচালনা কৰে বুলি এজন আৰক্ষী বিষয়াই জনায়।
মাৰ্কা সিঙৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু কিৰণ জামাতিয়াক চিকিৎসালয়লৈ নিয়াৰ পথত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে বুলি বিষয়াজনে কয়। ঘটনাটোৰ পিছতে তাৎক্ষণিকভাৱে অভিযুক্ত সুকন্ত দাসক নিৰস্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰা হয়।
বৰ্তমান, জ্যেষ্ঠ আৰক্ষী আৰু টিএছআৰ বিষয়াসকলে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া চলাই আছে। ইপিনে, জোৱান দুজনৰ মৃত্যুত শোক প্ৰকাশ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ডাই-ইন-হাৰ্নেছ আঁচনিৰ অধীনত মৃতকৰ আত্মীয়সকলক ৫ লাখ টকাৰ অনুদান আৰু চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰে।
Comments