গুৱাহাটী,৫ ডিচেম্বৰ:গুৱাহাটী মহানগৰীৰ ইতিহাস প্ৰসিদ্ধ জ্যোতি চিত্ৰবনত নেবকাছৰ উদ্যোগত অনুষ্ঠিত হোৱা “ভাৰতৰত্ন ড° ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড ২০২১ “ৰ বঁটা প্ৰদান অনুষ্ঠানটিত, অসমৰ কেইবা গৰাকী ব্যক্তিক, জীৱন জোৰা খিতাপ প্ৰদান কৰা হয় । প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা আপোচবিহীন জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াক “অতন্দ্ৰ প্ৰহৰী “, অপূৰ্ব বেজবৰুৱাক “সংগীত সম্ৰাট” , মাধুৰিমা চৌধুৰীক “নৃত্য মহীয়সী”, দিনেশ দাসক “সংগীত ৰত্ন”, মৃদুল ভুঞাক “অভিনয় মহাৰথী”, কিৰণ দাসক “প্ৰতিষ্ঠিত কৃতী শিক্ষক “, মামণি কলিতাক “কাব্য সাধনা ” ধনেশ্বৰ মালাকাৰক “সাহিত্য জ্যোতি ” দীপলিনা ডেকাক “কণ্ঠ নন্দিনী” দিক্ষু শৰ্মাক “কণ্ঠ সুধাকৰ” অৰুন্ধতি বেজবৰুৱাক “কণ্ঠ নন্দিনী”, বীনা দেবীক “সাহিত্য কস্তুৰী “, তীৰ্থ নাথ মজুমদাৰক “সাহিত্য সুৰভি” জুৰি দেৱীক ” সাহিত্য সাধনা”, বিভামনি দাসক “সাহিত্য ৰত্ন” লুকুমনি বৰুৱাক “সাহিত্য প্ৰেৰণা” মিন্টু দাসক “সাহিত্য জেউতি” আদিক বঁটা প্ৰদান কৰাৰ লগতে বিশ্বনাথ জিলাৰ, বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰেম বৈষ্ণৱক, জীৱন জোৰা “সাহিত্য সৌৰভ” ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।
নেবকাছৰ উপদেষ্টা, বিশিষ্ট কন্ঠশিল্পী তথা অসমৰ ইতিহাসত প্ৰথমগৰাকী মহিলা সংগীত পৰিচালকৰ বিশেষ সন্মান অৰ্জন কৰা, মনিষা হাজৰিকাৰ হাতৰ পৰা “সাহিত্য সৌৰভ” বঁটাটি গ্ৰহন কৰি প্ৰেম বৈষ্ণৱে নিজকে বৰ সৌভাগ্যৱান বুলি মন্তব্য কৰে আৰু নেবকাছৰ পৰিয়াল বৰ্গলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।
Comments