গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৬ ডিচেম্বৰ ঃ আৰক্ষীৰ সোপা-ঢিলা নীতি উদঙাই জামিন পাবলৈ সক্ষম হ’ল বিতর্কিত বিধায়ক শ্বেৰমান আলীয়ে৷ অসম আন্দোলনৰ শ্বহীদক অপমান কৰি কাৰাবন্দী হৈ থকা বিধায়কগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ দুর্বল স্থিতিৰ বাবে আদালতৰ পৰা জামিন পাবলৈ সক্ষম হ’ল বিধায়ক শ্বেৰমান আলী৷ আৰক্ষীয়ে নির্দিষ্ট সময়ত অভিযোগনামা দাখিল কৰিব নোৱৰা বাবে কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আজি জামিনৰ আদেশ মঞ্জুৰ কৰে৷
উল্লেখযোগ্য যে অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাত বিধায়কগৰাকীৰ বিৰুদ্ধে মহানগৰ আৰক্ষী সক্রিয় হৈ উঠিছিল৷ দিছপুৰৰ বিধায়ক আৱাসৰ পৰা মহানগৰ আৰক্ষীয়ে বিধায়ক আলীক গ্রেপ্তাৰ কৰিছিল৷ আৰক্ষীৰ সেই ভূমিকাত শ্বহীদ পৰিয়ালেও সন্তুষ্টি ব্যক্ত কৰিছিল৷ কিন্তু গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণ কৰা বিতর্কিত বিধায়কগৰাকীক আৰক্ষীয়ে দীর্ঘদিন কাৰাবন্দী কৰি ৰাখিব নোৱাৰিলে৷
ইয়াৰ মূল কাৰণ হ’ল নির্দিষ্ট সময়ত অভিযোগনামা দাখিলৰ ব্যর্থতা৷ একোটা গোচৰত অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে নির্দিষ্ট সময়ত অভিযোগনামা দাখিল কৰিব নোৱাৰিলে আদালতে আইনী প্রক্রিয়াৰ মাজেৰে অপৰাধীৰ জামিন মঞ্জুৰ কৰে আৰু শ্বেৰমান আলীৰ ক্ষেত্রতো একেটাই হ’ল৷
অসম আন্দোলনৰ শ্বহীদক অপমান কৰা গোচৰত শক্তিশালী অভিযোগনামা দাখিলৰ সমল থকা সত্ত্বেও আৰক্ষীয়ে নিজে নিজৰ ব্যর্থতা দাঙি ধৰিলে৷ সকলো জানি-বুজিও নির্দিষ্ট সময়ত শক্তিশালী অভিযোগনামা দাখিল কৰিব নোৱাৰিলে৷ শ্বহীদক অপমান কৰা গোচৰৰ লগতে বিধায়ক পুঁজিৰ ব্যয়ত অনিয়ম সংঘটিত কৰা গোচৰতো আৰক্ষীয়ে শ্বেৰমান আলীক কঠোৰ শাস্তি দিব নোৱাৰিলে৷
কাৰণ পুঁ৲জি ব্যৱহাৰত অনিয়ম সংঘটিত কৰা গোচৰতো মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে শক্তিশালী অভিযোগনামা দিব নোৱাৰিলে৷ যাৰ পৰিপ্রেক্ষিতত সময়ে সময়ে বিতর্কৰ সৃষ্টি কৰি অহা বিধায়ক শ্বেৰমান আলীক আদালতে ইটোৰ পাছত সিটো গোচৰত জামিন মঞ্জুৰ কৰিবলৈ বাধ্য হৈছে৷ আৰক্ষীৰ এনে স্থিতিত জনতাৰ আস্থা পুনৰ হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ কাৰণ শ্বহীদক অপমান কৰা গোচৰত বিধায়ক আলী মুক্ত হোৱাটো কোনো স্বাভিমানী অসমীয়াই বিচৰা নাছিল৷
Comments