কোকৰাঝাৰ ঃ নিজা বাতৰি দিওঁতা, ৬ ডিচেম্বৰ ঃ ঐতিহাসিক বি টি আৰ চুক্তিৰ দফা মর্মে প্রাক্তন এন ডি এফ বিৰ পুনঃ সংস্থাপন প্রক্রিয়াৰ পর্যায়ক্রমে আজি কোকৰাঝাৰ জিলাখনতো কোকৰাঝাৰ, চিৰাং আৰু গোৱালপাৰা তিনিখন জিলাৰ সর্বমুঠ ১৬৬৯গৰাকী প্রাক্তন এন ডি এফ বিৰ সদস্যক চাৰি লাখ টকাকৈ অনুদান আগবঢ়োৱা হয়৷
উল্লেখযোগ্য যে কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্রকল্পত এই উপলক্ষে প্রাক্তন এন ডি এফ বি সদস্যৰ সাহায্য বিতৰণী সমাৰোহত আজি উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই গছপুলি ৰোপণ আৰু বন্তি প্রজ্বলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এন ডি এফ বিৰ আর্থিক সাহায্য বিতৰণী সমাৰোহত এন ডি এফ বিৰ ১৮গৰাকী প্রাক্তন সদস্যক আনুষ্ঠানিক চে’ক৲ বিতৰণ কৰি দিয়া ভাষণত সমাজৰ মূলসঁুতিলৈ অহা এন ডি এফ বিৰ প্রাক্তন সদস্যসকলক বড়ো ভূমিৰ বিকাশত আত্মনিয়োগ কৰিবলৈ আহবান জনায়৷
তেওঁ আজিৰ দিনটোক মংগলময় আৰু ঐতিহাসিক দিন বুলি আখ্যা দি ২০২০ চনৰ ২৭ জানুৱাৰীত বি টি আৰ চুক্তি সম্পাদনৰ পাছত বড়ো ভূমিত ৰক্তাক্ত দিনৰ অৱসান ঘটি ইয়াত স্থায়ী শান্তিৰ দিশে অগ্রসৰ হোৱা বুলি দাবী কৰে৷ এইক্ষেত্রত ১৯৮০ চনৰ উদয়াচল আন্দোলনৰ পৰা ২০২০ চনৰ ২৭ জানুৱাৰীলৈ হাজাৰ হাজাৰ লোকৰ আত্মবলিদান, বহু মাতৃৰ বুকু শুদা হোৱাৰ উপৰি বহু মহিলাই শিৰৰ সেন্দূৰ মচিব লগা হৈছিল৷ কিন্তু এতিয়া কোনো মাতৃৰ বুকু শুদা হ’ব নালাগে আৰু কোনেও শিৰৰ সেন্দূৰ মচিব নালাগে৷
কিয়নো বড়ো ভূমিত এতিয়া প্রতিটো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাকো আৰু নতুন দিগন্তৰ সূচনা হৈছে৷ এইক্ষেত্রত কেন্দ্রীয়, ৰাজ্য আৰু বি টি আৰ চৰকাৰে বি টি আৰ শান্তি চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰাত দায়বদ্ধ৷ তেওঁ এন ডি এফ বিৰ শক্তি, সাহস, পৰিশ্রমক প্রশংসা কৰি প্রাক্তন এন ডি এফ বিসকলক সমাজৰ গঠনমূলক কামত আত্মনিয়োগ কৰিবলৈ আহবান জনায়৷ তেওঁলোকে এ কে ৪৭ হাতত তুলি লৈছিল, এতিয়া এ কে ৪৭ৰ সলনি কলম, ট্রেক্টৰ, পাৱাৰটিলাৰ ল’ব লাগিব৷
অৱসৰৰ পাছত সেনা-আৰক্ষীয়েও হাতত বন্দুক তুলি নলয়, গতিকে এন ডি এফ বিয়ে এতিয়া মূলসঁুতিলৈ আহি বন্দুকৰ কথা পাহৰিব লাগিব৷ এইক্ষেত্রত নিৰীহ মানুহৰ বিপক্ষে বন্দুক তুলি লোৱাৰ কাৰো আইনী অধিকাৰ নাই৷ সমাজত এটা চামে অশান্তি বিয়পাবৰ বাবে চেষ্টা কৰি থাকে যদিও এই সকলোবোৰ নেওচি আমি বিকাশৰ বাবে কাম কৰিব লাগিব৷
আমি পৰনির্ভৰশীল হৈছোঁ আৰু মিঠাতেল, মাছ, কণী, গাখীৰ, গাহৰি, শাক-পাচলিৰ পৰা আৰম্ভ কৰি সকলো বস্তুৱে বাহিৰৰ ৰাজ্যৰ পৰা আহে আৰু তাৰ বিনিময়ত ৰাজ্যৰ পৰা ১৫- ২০ হাজাৰ কোটি বাহিৰলৈ ওলাই যায় বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এন ডি এফ বি প্রাক্তন সদস্যসকলক চাকৰিৰ আশাত নাথাকি নিজৰ ভৰিৰ ওপৰত থিয় হৈ আন দহজনক কর্মসংস্থান দিবলৈ আহবান জনায়৷ মুখ্যমন্ত্রীগৰাকীয়ে বড়ো ভূমিক ৰাজনৈতিক আৰু অর্থনৈতিক দিশত আগবঢ়াই নিবলৈ চৰকাৰৰ তৰফৰ পৰা সহায়ৰ প্রতিশ্রুতি দিয়ে৷
ইপিনে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘যোৱা দুটা দিন প্রাক্তন এন ডি এফ বি সদস্যক সংস্থাপন দি এতিয়ালৈ চাৰে চাৰি হাজাৰ সদস্যক আর্থিক অনুদান আগবঢ়াই বড়ো চুক্তিৰ এটা দফা ৰূপায়ণ কৰা হ’ল আৰু চুক্তিৰ বাকী দফাবোৰো অনাগত দিনত ৰূপায়ণৰ চেষ্টা কৰা হ’ব৷ প্রাক্তন এন ডি এফ বিৰ সদস্যৰ গোচৰ প্রত্যাহাৰ সন্দর্ভত কয় যে প্রায়ভাগ গোচৰ নিষ্পত্তি হৈছে আৰু বাকী থকা গোচৰসমূহ নিষ্পত্তি কৰা হ’ব৷ এইক্ষেত্রত দুই-এটা গোচৰ যিহেতু আদালতত বিচাৰাধীন হৈছে সেইবিলাক একো কৰিব পৰা নাযাব বুলি স্পষ্ট কৰি দিয়ে৷ বিদ্রোহী সংগঠন কে এল অ’ৰ সৈতে চৰকাৰৰ শান্তি আলোচনা প্রক্রিয়া আৰম্ভ হোৱা বুলি কৈ কে এল অ’ৰ সৈতে শান্তি আলোচনা সম্ভৱপৰ হ’ব বুলি মন্তব্য দিয়ে
তদুপৰি ধিঙৰ বিধায়ক আমিনুল ইছলামৰ গ্রেপ্তাৰৰ প্রসংগত আজি মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে গ্রেপ্তাৰ কৰাটো এটা খেলা নহয়৷ তেওঁক কালি ৰাজহুৱাকৈ প্রৰোচনামূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে ৷ গতিকে ২-১টা দিন কি হয়, চোৱা যাওক বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে৷ আনহাতে নগালেণ্ডৰ ঘটনাক দুখজনক বুলি উল্লেখ কৰি ডিব্রুগড় চিকিৎসা মহাবিদ্যালয়ত আহত দুজনৰ চিকিৎসাৰ দায়িত্ব অসম চৰকাৰে লোৱা বুলিও জনায়৷
সভাত প্রমোদ বড়োৱে ভাষণত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপত বি টি আৰ শান্তি চুক্তি সম্পাদনাৰে অঞ্চলটোৰ দীর্ঘদিনীয়া আন্দোলনৰ পৰিসমাপ্তি ঘটাত প্রশংসা কৰি কৃতজ্ঞতা প্রকাশ কৰে৷ তেওঁ বড়ো ভূমিত গ্রাস কৰা ড্রাগ৲ছকে ধৰি নিচাসক্ত দ্রব্যৰ বিৰুদ্ধে মাত মাতি সমাজখন আগবঢ়াই নিবলৈ সকলোকে আহবান জনায়৷ আনপিনে বি টি চিৰ কার্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে তেওঁৰ ভাষণত এন ডি এফ বিৰ প্রাক্তন সদস্যসকলক প্রদান কৰা চাৰি লাখ টকাৰ অনুদানক লৈ হৈ-চৈ নকৰি ধৈর্য ধৰিবলৈ আহবান জনায়৷
উল্লেখযোগ্য যে ওদালগুৰি আৰু বাক৲সা জিলাৰ ১১০৫গৰাকী এন ডি এফ বিৰ প্রাক্তন সদস্যক কালি তামুলপুৰত মুখ্যমন্ত্রীয়ে আর্থিক অনুদান বিতৰণ কৰাৰ পাছত আজি কোকৰাঝাৰতো এক আড়ম্বৰপূর্ণ অনুষ্ঠানেৰে আর্থিক সাহায্যৰ চে’ক৲ বিতৰণ কৰে সর্বমুঠ ১৬৬৯গৰাকী প্রাক্তন এন ডি এফ বিক৷ ইয়াৰে কোকৰাঝাৰ জিলাৰ ১১২২, চিৰাঙৰ ৫১৩
আৰু গোৱালপাৰা জিলাৰ ৩৪ প্রাক্তন এন ডি এফ বি সদস্য আছে৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্রী ক্রমে অশোক সিংঘাল, ইউ জি ব্রহ্ম, বিধায়ক ক্রমে লৰেন্স ইছলাৰী, জয়ন্ত বসুমতাৰী, জিৰণ বসুমতাৰী আৰু অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (বিশেষ শাখা) হীৰেন চন্দ্র নাথ, বি টি আৰৰ বিশেষ আই জি পি এল আৰ বিষ্ণই , এবছুৰ সভাপতি দ্বীপেন বড়ো, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক৷
ধুবুৰীত গুৰু টেগ বাহাদুৰ শ্বহীদ দিৱসত মুখ্যমন্ত্রী ঃ ধুবুৰীৰ নিজা প্রতিবেদক ঃ ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত আজি তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৩৪৬সংখ্যক ছহিদী গুৰু পর্ব৷ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত হৈ গুৰুৰ আশীর্বাদ লোৱাৰ লগতে দৰবাৰ হল দর্শন কৰে আৰু কীর্তনৰ কার্যসূচীত অংশগ্রহণ কৰে৷
ভাষণত মুখ্যমন্ত্রীয়ে কয়– ‘আজিৰ দিনটো শিখ ধর্মাৱলম্বী আৰু ভাৰতবাসীৰ বাবে মহান দিন৷ গুৰু টেগ বাহাদুৰ চাহেবে বিচাৰিছিল সকলোৱে শান্তিৰে নিজ ধর্ম পালন কৰক, জোৰকৈ ধর্মান্তৰকৰণ নহওক৷ ঔৰংগজেৱে অতি পাপৰ কাম কৰিছিল৷ তেওঁৰ পাপ ইমান চৰম অৱস্থা পাইছিলগৈ যে ইয়াৰ বিৰুদ্ধে মাত দিয়াৰ বাবে গুৰু টেগ বাহাদুৰ চাহেবক শিৰচেছদ কৰিছিল৷ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ গুৰু টেগ বাহাদুৰৰ ত্যাগে মানৱ জাতিক সাহস দিয়ে৷ বেয়া কামৰ বিৰুদ্ধে মাত দিবলৈ আমি গুৰুজীৰ কামৰ পৰা সাহস পাওঁ৷ ধুবুৰীৰ গুৰুদ্বাৰা অতি পবিত্র স্থান৷
এই ঠাইলৈ গুৰুনানক আহিছিল৷ ইয়াতে গুৰুনানকে শংকৰদেৱক লগ পাইছিল বুলি বুৰঞ্জীয়ে কয়৷ গুৰু টেগ বাহাদুৰ চাহেবে অসমৰ শান্তিৰ বাবে কাম কৰিছিল৷ অসমৰ শান্তি, উন্নয়নৰ বাবে শিখসকলে কাম কৰি যাব বুলি মই বিশ্বাসী৷ গুৰুদ্বাৰটোৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ পৰা ৫ কোটি টকা দিয়া হ’ব৷ প্রয়োজনত আৰু সহায় কৰা হ’ব৷ গুৰুদ্বাৰটো ইমান সুন্দৰ হওক যাতে সমগ্র বিশ্বৰ শিখসকল এই স্থানলৈ আহিবলৈ মন কৰে৷’ মুখ্যমন্ত্রীৰ লগতে মন্ত্রী অশোক সিংঘাল, ধুবুৰী জিলাৰ উপায়ুক্ত, শিখ প্রতিনিধি ব’র্ড পূব মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷
Comments