গুৱাহাটী, ৭ ডিচেম্বৰঃ বলীউডৰ অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফ শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। বৰ্তমান অনুৰাগীসকলে এই দম্পতীহালক অভিনন্দন জনাই আছে। দুয়োগৰাকী তাৰকাই সদায়ে তেওঁলোকৰ সম্পৰ্কক লৈ নীৰৱ হৈ আছিল, কিন্তু বৰ্তমান দুয়োৱে অতি ধুমধামেৰে বিবাহ পাতিবলৈ সাজু হৈছে। ইয়াৰ লগে লগে দুয়োজনৰে বয়স আৰু উপাৰ্জন বৰ্তমান এক চৰ্চাৰ বিষয় হৈ পৰিছে।
বিকি কৌশল আৰু কেটৰিনা কাইফৰ বয়সৰ মাজত পাঁচ বছৰৰ ব্যৱধান আছে। কিয়নো, কেটৰিনা কাইফৰ বয়স ৩৮ বছৰ, বিকিৰ বয়স ৩৩ বছৰ। বয়সৰ উপৰিও কেটৰিনাৰ চিনেমাৰ কেৰিয়াৰও বিকিতকৈ শ্ৰেষ্ঠ। কেটৰিনাই ২০০৩ চনৰ 'বুম' চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল, যাৰ অৰ্থ হৈছে তেওঁ ১৮ বছৰ ধৰি বলীউডত কাম কৰি আছে। আনহাতে, বিকি কৌশলে ২০১২ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল।
কেটৰিনা কাইফ বলীউডৰ এগৰাকী শীৰ্ষ অভিনেত্ৰী। কেটৰিনা এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে 'কে বিউটি' নামৰ নিজৰে এক সৌন্দৰ্য ব্ৰেণ্ড চলাই আছে। যাৰ অৰ্থ হৈছে কেটৰিনাই কেৱল চলচ্চিত্ৰৰ পৰাই নহয় নিজৰ ব্ৰেণ্ডৰ পৰাও উপাৰ্জন কৰে। এক বিশেষ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি অভিনেত্ৰী কেটৰিনাৰ মুঠ সম্পত্তিৰ মূল্য প্ৰায় ২২০ কোটি টকা।
ইপিনে, বিকি কৌশলক বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে গণ্য কৰা হয়। বিকিয়ে তেওঁৰ চিনেমাৰ কেৰিয়াৰত বহুতো ভাল কাম কৰিছে। বিকিয়ে অতি কম সময়ৰ ভিতৰতে বহুত নাম কৰিছে। কেৱল সেয়াই নহয়, অভিনেতাজনে ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। অভিনেতাজনে ২০১২ চনত 'লাভ শৱ তে চিকেন খুৰানা'ৰ জৰিয়তে বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু তেওঁক ২০১৫ চনৰ ছবি 'মাচান'ৰ বাবে বিশেষ পৰিচয় লাভ কৰিছিল। অভিনেতাজনৰ মুঠ সম্পত্তিৰ কথা ক'ব গ'লে বিকিৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ২৪ কোটি টকা।
Comments