গুৱাহাটী,৭ ডিচেম্বৰ: ২০১৯ চনত দূৰ্ঘটনাত মৃত্যু হোৱা জ্যেষ্ঠ সাংবাদিক নৰেশ মিত্ৰৰ স্মৃতিত ইনষ্টিটিউট অৱ মিডিয়া এণ্ড ডেভেলপমেণ্টেল ষ্টাডিজে 'উত্তৰ-পূবত বন্যপ্ৰাণী সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন' শীৰ্ষক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এখন আলোচনা চক্ৰৰ আয়োজন কৰে।
জীৱ-জন্তু আৰু চৰাইৰ প্ৰতি থকা মিত্ৰৰ অসাধাৰণ প্ৰেমৰ বাবে তেওঁ এগৰাকী অন্যতম বন্যপ্ৰাণী আৰু পৰিৱেশ সাংবাদিক হিচাপে পৰিচিত আছিল।যেতিয়াই তেওঁক জন্তু আৰু চৰাইৰ মাংসৰ কোনো ব্যঞ্জন আগবঢ়োৱা হয় তেতিয়া তেওঁ কৈছিল, "মই সেইবোৰ খাব নোৱাৰোঁ, কিয়নো মই জীৱ-জন্তু আৰু চৰাই ভাল পাওঁ"।
আনৱাৰুদ্দিন চৌধুৰীয়ে আলোচনা চক্ৰখনত চৰকাৰক কিছুমান বিষয় অগ্ৰাধিকাৰৰ ভিত্তিত চোৱা-চিতা কৰিবলৈ আহ্বান জনায়। ইয়াৰ ভিতৰত আছে পশু কৰিডৰৰ আইনী সুৰক্ষা, বিদ্যুতৰ লাইন আৰু বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ দৰে উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা আৰু নিয়ন্ত্ৰণ আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়।
Comments