গুৱাহাটী,৭ ডিচেম্বৰ: আৰ্থফুল ফাউণ্ডেশ্যনৰ (www.earthful.org) সৌজন্যত হাজোত অৱস্থিত সুৰেন দাস কলেজত E-Waste Detox Drive অনুষ্ঠিত কৰা হৈ। সমূহ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক এই ড্ৰাইভটোত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায় লগতে এক সচেতনতা কাৰ্যক্ৰমৰ আয়োজন কৰে।
এই ড্ৰাইভটো ২৫ নৱেম্বৰ, ২০২১ তাৰিখৰ পৰা ৩ ডিচেম্বৰলৈ কৰা হৈছিল আৰু কলেজৰ ৱৱ সকলোৱে নিজৰ ই-ৱেষ্ট খিনি কলেজখনে ধাৰ্য্য কৰি দিয়া কোঠাত থয়, যিখিনি ড্ৰাইভৰ সমাপ্তিৰ পৰ্যন্ত কৰ্তৃত্বপ্ৰাপ্ত (authorised) recycler - Binbagত দি দিয়া হয়। ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰৰ বা ওচৰ-পাজৰে এনেকুৱা ধৰণৰ ই-ৱেষ্ট দেখা পালে যাতে সেইখিনি লৈ আহি জমা দিয়ে, এই কথা তেওঁলোকক অৱগত কৰোৱা হয়।
যোৱা ৬ ডিচেম্বৰত এই ড্ৰাইভৰ অন্ত পৰে আৰু কলেজৰ শিক্ষাৰ্থী আৰু কৰ্তৃপক্ষক আৰ্থফুল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা জমা হোৱা ই-ৱেষ্টৰ সংগ্ৰহৰ বদলি এক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
Comments