গুৱাহাটী,৮ ডিচেম্বৰ:আজি নীলগিৰি জিলাৰ তামিলনাডুৰ কুনুৰত এখন সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰতিবেদন অনুসৰি শীৰ্ষ প্ৰতিৰক্ষা বিষয়াসকল কুনুৰৰ ৱেলিংটন আৰ্মি চেণ্টাৰৰ এটা প্ৰশিক্ষণ শিবিৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল হেলিকপ্টাৰখন।দুৰ্ঘটনাটোত প্ৰথমে দুজন লোক নিহত হোৱা বুলি প্ৰকাশ কৰা হৈছিল কিন্তু বৰ্তমান অহা তথ্য অনুযায়ী হেলিকপ্টাৰখনত থকা ১৪ জন যাত্ৰীৰ ১৩ জনৰেই মৃত্যু হৈছে।চীফ অফ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাটও হেলিকপ্টাৰত আছিল, কিন্তু তেওঁৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা হোৱা নাই।
এএনআইয়ে জনাইছে যে চিডিএছ বিপিন ৰাৱাট, তেওঁৰ কৰ্মচাৰী আৰু পৰিয়ালৰ কিছু সদস্য তামিলনাডুৰ কইম্বাটুৰ আৰু চুলুৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হোৱা এমআই-শৃংখলাৰ হেলিকপ্টাৰত আছিল।সেনা আৰু আৰক্ষী বিষয়াসকলে উদ্ধাৰ অভিযান চলাবলৈ ঘটনাস্থলীলৈ ৰাওনা হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰায় তিনিজন লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছিল আৰু চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
Comments