গুৱাহাটী,৮ ডিচেম্বৰ:তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱা চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ বাস ভৱনত উপস্থিত হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।আজি নীলগিৰি জিলাৰ তামিলনাডুৰ কুনুৰত এখন সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। শীৰ্ষ প্ৰতিৰক্ষা বিষয়াসকল উঠি যোৱা হেলিকপ্টাৰখন কুনুৰৰ ৱেলিংটন আৰ্মি চেণ্টাৰৰ এটা প্ৰশিক্ষণ শিবিৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।দুৰ্ঘটনাটোত প্ৰথমে দুজন লোক নিহত হোৱা বুলি প্ৰকাশ কৰা হৈছিল কিন্তু বৰ্তমান পোৱা তথ্য অনুসৰি হেলিকপ্টাৰখনত থকা ১৪ জন যাত্ৰীৰ ১৩ জনৰেই মৃত্যু হৈছে।চীফ অফ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাটও হেলিকপ্টাৰত আছিল, কিন্তু তেওঁৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা হোৱা নাই।
হেলিকপ্টাৰখনত মুঠ ১৪ গৰাকী যাত্ৰী আছিল৷ যাৰ মাজত আছিল চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী, সেনা সহায়ক, সুৰক্ষা কামাণ্ডো আৰু বায়ুসেনাৰ বিমান চালক ৷ ইয়াৰ ভিতৰত তথ্য পোৱা গৈছে চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, মধুলিকা ৰাৱাট (বিপিন ৰাৱাটৰ পত্নী), ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেঃ কৰ্ণেল হৰ্জিন্দাৰ সিং, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেঞ্চ নায়ক বিবেক কুমাৰ, লেঞ্চ নায়ক বি চাই তেজা আৰু হাবিলদাৰ সতপালৰ ৷
Comments