গুৱাহাটী, ৯ ডিচেম্বৰঃ দেশৰ প্ৰথমগৰাকী চি ডি এছ জেনেৰেল বিপিন ৰাৱটৰ নশ্বৰ দেহ বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত দিল্লীলৈ লৈ অনা হ'ব। তেওঁৰ অন্তিম সংস্কাৰ শুক্ৰবাৰে দিল্লীত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে অনুষ্ঠিত হ'ব। বুধবাৰে তামিলনাডুৰ কুনুৰৰ ওচৰত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু জ্যেষ্ঠ সেনা বিষয়াসহ মুঠ ১৩ জন লোক নিহত হয়।
দুৰ্ঘটনাটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিং বৰ্তমান ৱেলিংটনৰ এখন সেনা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ শুক্ৰবাৰে (১০ ডিচেম্বৰ) দিল্লীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে।
তেওঁৰ নশ্বৰ দেহ বৃহস্পতিবাৰে দিল্লীলৈ এখন বিশেষ সেনা বিমানেৰে লৈ অনা হ'ব। শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ জনসাধাৰণে তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। ইয়াৰ পিছত কামৰাজ মাৰ্কৰ পৰা ব্ৰাৰ চক শ্মশানলৈ তেওঁৰ অন্তিমযাত্ৰা আৰম্ভ হ'ব।
Comments