গুৱাহাটী, ৯ ডিচেম্বৰঃ বলীউডৰ তাৰকা কেটৰিনা কাইফ আৰু বিকি কৌশলে তেওঁলোকৰ নতুন জীৱন আৰম্ভ কৰিবলৈ সাজু হৈছে। তেওঁলোক বৃহস্পতিবাৰে বিবাহপাশত আৱদ্ধ হ'ব। ৰাজস্থানৰ চৱাই মাধোপুৰ জিলাৰ মনোৰম ছিক্স চেঞ্চ হোটেল ফ’ৰ্ট বৰৱাৰাত বিবাহ পাশত আৱদ্ধ হ'বলৈ সাজু হৈছে।
ৰাজস্থানৰ ছিক্স চেঞ্চ ফ’ৰ্ট বৰৱাৰাত অনুষ্ঠিত হ'বলগা বিবাহত ৰাজকীয় ৰূপ দিবলৈ বিদেশৰ পৰা স্ফটিক বল আৰু ঝাড়বাতি ক্ৰয় কৰা হৈছে। লগতে খবৰ পোৱা হৈছে যে বিকি আৰু কেটৰিনাই বৃহস্পতিবাৰে আবেলি ৩:৩০ বজাৰ পৰা ৩:৪৫ বজাৰ ভিতৰত বিবাহ পাশত আৱদ্ধ হ'ব।
ইপিনে, দৰা বিকি আৰু কইনা কেটৰিনাৰ বিবাহৰ মণ্ডপত এনেদৰে সজোৱা হৈছে, যাতে ই মন্দিৰৰ দৰে দেখা যায়। হিন্দু ৰীতি-নীতি অনুসৰি, তেওঁলোক বিবাহ পাশত আৱদ্ধ হ'ব, যাৰ বাবে ৰাজৱাড়া শৈলীত এটা কাঁচৰ মণ্ডপ প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰিও, মণ্ডপত আশ্চৰ্যজনক কাৰুকাৰ্য কৰা হৈছে। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত বিকি-কেটৰিনাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ'ব।
Comments