গুৱাহাটী, ৯ ডিচেম্বৰঃ জাপানী কোটিপতি ব্যৱসায়ী য়ুচাকু মিজাৱা আৰু তেওঁৰ সহকাৰী ইয়োজো হিৰানো ২০০৯ চনৰ পিছত প্ৰথম মহাকাশ পৰ্যটক হিচাপে বুধবাৰে মহাকাশলৈ ৰাওনা হৈছিল। ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ মিচুৰাকিনৰ সৈতে ৰাছিয়াৰ মহাকাশযান চয়ুজৰ জৰিয়তে য়ুচাকু মিজাৱা আৰু ইয়োজো হিৰানো আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ৰাওনা হয়। তিনিওজনে নিৰ্ধাৰিত সূচী অনুসৰি দুপৰীয়া ১২.৩৮ বজাত কাজাখস্তানৰ ৰাছিয়ান বাইকনুৰ কেন্দ্ৰৰ পৰা চয়ুজ এম এছ-২০ ত উৰা মাৰিছিল। মিজাজা আৰু হীৰানোৱে মহাকাশত ১২ দিন কটাব।
ইয়াৰ সৈতে, মিজাৱা আৰু হিৰানো ২০০৯ চনৰ পিছত মহাকাশলৈ যোৱা প্ৰথম পৰ্যটক হৈ পৰিছে। ভ্ৰমণ ব্যয় সন্দৰ্ভত সঠিক তথ্য প্ৰকাশ কৰা হোৱা নাই, যদিও মিজাৱাই ইয়াৰ বাবে ৫০ নিযুত ডলাৰ প্ৰায় ৩৭৭ কোটি টকা ব্যয় কৰিছে বুলি ধাৰণা কৰা হয়। মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিবলৈ যোৱাৰ আগতে মিজাৱাই কয়, "মই মহাকাশৰ পৰা পৃথিৱীখন চাব বিচাৰো। মই নিজকে ওজনহীন অনুভৱ কৰাৰ সুযোগটো ল'ব বিচাৰো। মোৰ এটা ব্যক্তিগত আশাও আছে যে মহাকাশে মোৰ জীৱনটো কেনেদৰে সলনি কৰিব, এই মহাকাশ উৰণৰ পিছত মোৰ জীৱনত কি পৰিৱৰ্তন হ'ব।"
মিজাৱাই ৭.৯৫ লাখ অনুসৰণকাৰীৰ সৈতে ইউটিউব চেনেলত তেওঁৰ সমগ্ৰ যাত্ৰাৰ ভিডিঅ' ফুটেজো আপলোড কৰিব। মিজাৱাই তেওঁৰ অনুৰাগীসকলক মহাকাশত কৰিব পৰা প্ৰায় ১০০ টা কাম ক'বলৈ কৈছিল। তেওঁ এইটোও কৈছে যে তেওঁ আন্তৰ্জাতিক মহাকাশ কেন্দ্রত বেডমিণ্টন খেলিব। মিজাৱা স্পেচ এক্সৰ চন্দ্র যাত্ৰাৰ প্ৰথম যাত্ৰী হ'বলৈও সাজু হৈছে আৰু এই যাত্ৰাত তেওঁৰ সৈতে যাবলৈ আৰু ৮ জন লোকৰ সন্ধান চলাই থকা হৈছে। আৱেদনকাৰীসকলে চন্দ্ৰ ভ্ৰমণত মিজাৱাৰ সৈতে যাবলৈ এটা চিকিৎসা পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হ'ব লাগিব।
Comments