গুৱাহাটী,৯ ডিচেম্বৰ:তামিলনাডুৰ সংঘটিত হোৱা ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত দেশৰ প্ৰথম চিডিএছ জেনেৰেল বিপিন ৰাৱাট, পত্নী মধুলিকা ৰাৱাটকে ধৰি ১১ গৰাকী সেনাৰ শীৰ্ষ বিষয়া-জোৱানে প্ৰাণ হেৰুৱাইছিল ৷
৪৩ বছৰীয়া সামৰিক কেৰিয়াৰত জেনেৰেল ৰাৱাটৰ সৈতে এয়া প্ৰথম হেলিকপ্টাৰ দুৰ্ঘটনা নাছিল।৭ বছৰ আগতে ২০১৫ চনত জেনেৰেল ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত তেওঁ লেফটেনেণ্ট জেনেৰেল পদত নিযুক্ত হৈ আছিল। ২০১৫ চনৰ ৩ ফেব্ৰুৱাৰীত নগালেণ্ডৰ ডিমাপুৰত তেওঁৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়, উৰণৰ মাত্ৰ ২০ ছেকেণ্ডৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেওঁৰ হেলিকপ্টাৰ।তেওঁ আৰু হেলিকপ্টাৰৰ বাকী আৰোহীসকল সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছিল।এই দুৰ্ঘটনাৰ পিছত, তেওঁ তেওঁৰ জ্যেষ্ঠজনক কৈছিল, 'মই এজন পাহাৰীয়া মানুহ। মই সোনকালে নমৰো।মই গোৰ্খা ৰাইফলৰ পৰা আহিছো যি ইয়াৰ নিৰ্ভীকতাৰ বাবে জনাজাত। মই উত্তৰাখণ্ডৰ পাহাৰৰ। তাত থকা লোকসকল তেওঁলোকৰ নিৰ্ভীকতাৰ বাবেও জনাজাত।'
মিলিটাৰী কলেজ অৱ টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিঙৰ প্ৰাক্তন কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল এমজি ডাটাৰে (অৱসৰপ্ৰাপ্ত) দ্য টাইমছ অৱ ইণ্ডিয়াক কৈছিল,"যেতিয়া মই এই ঘটনাটোৰ বিষয়ে জানিব পাৰিছিলো,মই নিশ্চিত আছিলোঁ যে তেওঁ জীয়াই থাকিব।কিন্তু অৱশেষত তেওঁৰ মৃত্যু হ'ল।"
Comments