ধেমাজি, ৯ ডিচেম্বৰ ঃ ধেমাজিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী-সমাজকৰ্মী দীপক কলিতাই আজি ২০২১ বৰ্ষৰ “দুৰ্নীতি বিৰোধী শূন্য সহনশীল” বঁটা গ্ৰহণ কৰে ৷ কামৰূপ মহানগৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ লগতে সমাজজীৱনলৈ অনবদ্য বৰঙনি আগবঢ়োৱা প্ৰতিষ্ঠিত ব্যৱসায়ী দীপক কলিতাই এই বঁটা লাভ কৰি অনাগত দিনত অধিক দায়বদ্ধতাৰে কাম কৰি যাব বুলি উল্লেখ কৰে ৷
ব্যৱসায়ৰ সমান্তৰালভাৱে সামাজিকভাৱেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা দীপক কলিতাৰ এই শুভ বাৰ্তা লাভ কৰি তেখেতৰ শুভাকাংক্ষীৰ লগতে ধেমাজিবাসীয়ে আনন্দ লাভ কৰিছে ৷ নিজৰ শ্ৰমক মূলধন হিচাপে লৈ ধেমাজি নগৰৰ মাজমজিয়াত “ধেমাজি বুক ষ্টল” নামৰ এখন কিতাপৰ দোকান প্ৰতিষ্ঠা কৰি নিজৰ লগতে আন দহজনকো সংস্থাপনৰ সুবিধা দিয়া দীপক কলিতা বৰ্তমান এক অনুষ্ঠান বুলিব পাৰি ৷ সৰুৰে পৰাই সমাজক সেৱা কৰাৰ আগ্ৰহ থকা কলিতাই ব্যৱসায়ৰ সমান্তৰালভাৱে ৰাজহুৱা কামতো আগভাগ লৈ বৰ্তমান লায়ন্স ক্লাৱ, ৰয়েল ক্লাৱ, ৰয়েল জাগুৱাৰ ক্লাৱ, মৰ্ণিং ক্লাৱ আদিত জড়িত হৈ সমাজৰ হিতৰ বাবে কাম কৰি আছে ৷ ১৯৮৭ চনতে কিতাপৰ ব্যৱসায় আৰম্ভ কৰি ধেমাজিৰ বৌদ্ধিক সমাজখনৰো এটা অংগ হিচাপে পৰিচয় থকা দীপক কলিতাই বিভিন্ন সময়ত বিভিন্নজনক সহায় কৰি অহাৰ উদাহৰণ দেধাৰ ৷
মানুহক সহায় কৰি ভালপোৱা কলিতাই ক’ভিডসৃষ্ট লকডাউনৰ সময়ত বাতৰি কাকত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া হ’কাৰসকলৰ লগতে চুবুৰীয়া কেইবাটাও দুখীয়া পৰিয়ালক খাদ্যসামগ্ৰী যোগান ধৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে ৷ অনিয়মৰ বিৰুদ্ধে মাত মাতি অহা কলিতাই শেহতীয়াকৈ চীট ফান্দ কেলেংকাৰীৰে জড়িত একাংশৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ৷ এজন যোগ্য ব্যক্তিক যোগ্য সন্মান আগবঢ়োৱাৰ বাবে দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমক ধন্যবাদ জনোৱাৰ লগতে বঁটাপ্ৰাপক কলিতালৈ অলেখ শুভাকাংক্ষী আৰু ধেমাজিবাসীয়ে অভিনন্দন জ্ঞাপন কৰিছে ৷
Comments