চেলেংহাট ৯ডিচেম্বৰঃ মৰিয়নি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নকচাৰী তিৰুৱালত আজি দিন দুপৰতে এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত এগৰাকী যুৱতী সহিতে দুজন লোক গুৰুত্বভাৱে আহত হয়।তিৰুৱালৰ বুবুল গগৈ নামৰ লোকজনৰ কন্যা ৰিজুমনি গগৈ ঘৰৰ পিছফালে থকা ক্ষুদ্ৰ চাহ বাগিছা খনলৈ যোৱা অৱস্থাত অকস্মাৎ নাহৰফুটুকী বাঘটোৱে যুৱতী গৰাকীক আক্ৰমণ কৰে।
বাঘৰ আক্ৰমণত যুৱতী গৰাকীৰ বাওহাত আৰু পিঠিত গুৰুত্ব ভাৱে জখম হয়। পৰিয়ালৰ লোকে যুৱতী গৰাকীক ততাতৈয়াকৈ নকছাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তী কৰে। বৰ্তমান যুৱতীগৰাকী সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে। ইয়াৰ পাছতে অঞ্চলটোত বাঘ ওলোৱা খবৰ বিয়পি পৰাত বুবুল গগৈৰ ঘৰৰ পিছফালে শতাধিক লোক দা লাঠি লৈ বাঘ খেদাৰ অভিযানত নামি পৰে। তেনেসময়তে বাগিছা খনৰ চাহ গছৰ তলত লুকাই থকা বাঘটোৱে অতৰ্কিতে সঞ্জীৱ নায়ক নামৰ লোকজনক আক্ৰমণ কৰে।
বাঘটোৰ আক্ৰমনত ব্যক্তিজনৰ কানৰ কাষত আৰু পিঠিত বাঘৰ নখৰ আচোৰ পৰাত গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয়।প্ৰাপ্তবয়স্ক বুলি সন্দেহ কৰা নাহৰফুটুকী বাঘটো বুবুল গগৈ নামৰ ক্ষুদ্ৰ চাহ খেতিয়কজনৰ ক্ষুদ্ৰ চাহ বাগিছাখনতে লুকাই থকাত অঞ্চলটোত দীৰ্ঘসময়জুৰি আতংকময় পৰিবেশৰ সৃষ্টি হয়।আনহাতে নকছাৰী আৰু মৰিয়নি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী সকল উপস্থিত হৈ বাঘটো ব'ম ফটকা ফুটাই অঞ্চলটোৰ পৰা খেদি পঠাবলৈ কৰা চেষ্টা কৰে যদিও সন্ধিয়ালৈকে ক্ষুদ্ৰ চাহ বাগিছাৰ ভিতৰতে বাঘটো অৱস্থান কৰি থকা বুলি জানিব পৰা গৈছে।
ইফালে বন বিভাগক বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ কৰিছে যদিও মৰিয়নি আৰু যোৰহাটত বাঘ টেংকুলাইজড কৰিব পৰা বিশেষজ্ঞ চিকিৎসক নাই বুলি বনবিভাগৰ বিষয়া সকলে জানিবলৈ দিয়ে।আনহাতে অঞ্চলবাসী নিশা বাঘৰ আক্ৰমনৰ বলি হোৱাৰ আশংকাত আতংকিত হৈ থকা বুলি জানিব পৰা গৈছে।
Comments