Cartoon
View Older
তিনিচুকীয়া: ৯ ডিচেম্বৰ: হিন্দু যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া নগৰ সমিতিৰ সহযোগত আজি বিয়লি দুৰ্গাবাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানত চি ডি এছ জেনেৰেল বিপিন ৰাওত আৰু নিহত বীৰ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি সূৰ্য্য ভট্টাচাৰ্য, সাধাৰণ সম্পাদক কিংচুক ঘোষ, সাংগঠনিক সম্পাদক বিকী মণ্ডল, নগৰ সমিতিৰ সভাপতি কমল তালুকদাৰ, সাধাৰণ সম্পাদক মনজিত সোণোৱাল আদি উপস্থিত আছিল। সংগঠনটোৱে ঘটনাৰ উচ্চ স্তৰীয় তদন্ত কৰিবলৈ দাবী জনোৱাৰ লগতে আগলৈ যাতে এনে ঘটনা নহয় তাক গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।
Comments