গুৱাহাটী, ১০ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কুনুৰ অঞ্চলত ভাৰতীয় বায়ু সেনাৰ (আইএএফ) হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নীসহ আন ১১ জন সেনা বিষয়ালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দুৰ্ঘটনাটোত নিহত চিডিএছ, তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু অন্যান্য কৰ্মচাৰীৰ নশ্বৰ দেহ বৃহস্পতিবাৰে সন্ধ্যা চুলুৰৰ পৰা দিল্লীৰ পালম এয়াৰবেচলৈ লৈ অনা হৈছিল। প্ৰধানমন্ত্ৰীয়ে বিমান ঘাটিত অনুষ্ঠিত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জেনেৰেল ৰাৱাট আৰু অন্যান্যসকলক পুষ্পাঞ্জলি জ্ঞাপন কৰে। লগতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলেও চি ডি এছ আৰু অন্যান্যসকলক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিমান ঘাটিত জেনেৰেল ৰাৱাট আৰু অন্যান্য সশস্ত্ৰ বাহিনীৰ কৰ্মীসকলৰ পৰিয়ালক সাক্ষাৎ কৰে। নশ্বৰ দেহবোৰ নিজ নিজ পৰিয়ালৰ দ্বাৰা বিচৰা অনুসৰি অন্তিম ধৰ্মীয় ৰীতি-নীতিৰ বাবে নিকট আত্মীয়লৈ লৈ যাবলৈ দিয়া হ'ব।
ইপিনে, চিডিএছশজেনেৰেল বিপিন ৰাৱাটৰ অন্তিম সংস্কাৰ শুকুৰবাৰে দিল্লী কেণ্টনমেণ্টত অনুষ্ঠিত হ'ব। খবৰ অনুসৰি, শুকুৰবাৰে সাধাৰণ ৰাইজে অন্তিম শ্ৰদ্ধা জনোৱাৰ বাবে জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকাৰ নশ্বৰ দেহ পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ কামৰাজ মাৰ্গৰ বাসগৃহত ৰখা হ'ব। দুপৰীয়া ১২:৩০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত সামৰিক কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। তাৰ পিছত, জেনেৰেল ৰাৱাটৰ বাসগৃহৰ পৰা,শ্মশানলৈ অন্তিম যাত্ৰা দুপৰীয়া প্ৰায় ২ বজাত আৰম্ভ হ'ব বুলি বিশেষ সূত্ৰযোগে জানিবলৈ পোৱা গৈছে। এনেদৰে স্বৰ্গীয় চিডিএছ ৰাৱাটৰ অন্ত্যেষ্টিক্ৰিয়া আবেলি ৪ বজাত সম্পন্ন হ'ব
Comments