গুৱাহাটী,১০ ডিচেম্বৰ:বুধবাৰে তামিলনাডুত সংঘটিত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ শুকুৰবাৰে অৰ্থাৎ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব৷ বিয়লি ৫ বজাত দিল্লী কেন্টনমেন্টৰ বাৰাৰ স্কৱাৰ শ্মশানত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব অন্ত্যেষ্টিক্ৰিয়া ৷ কামৰাজ মাৰ্গৰ পৰা দুপৰীয়া দুই বজাত এক শোভাযাত্ৰাৰে জেনেৰেল ৰাৱাট আৰু মিছেছ ৰাৱাটৰ নশ্বৰ দেহ লৈ যোৱা হ’ব ৷
সাধাৰণ লোকসকলে দিনৰ ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত কামৰাজ মাৰ্গলৈ আহি জেনেৰেল ৰাৱাটৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব পাৰিব ৷ একেদৰে ১ বজাৰ পৰা ২ বজালৈকে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব সেনা বাহিনীৰ লোকসকলে ৷উল্লেখযোগ্য যে, বুধবাৰে কুন্নুৰত শোকাৱহভাৱে মৃত্যুক সাৱটি লোৱা জেনেৰেল ৰাৱাটৰ নশ্বৰ দেহ বৃহস্পতিবাৰে সন্ধিয়া তামিলনাডুৰ চুলুৰৰ পৰা দিল্লীৰ পালামস্থিত বায়ুসেনা চাউনীলৈ অনা হয় ৷ তাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জেনেৰেল ৰাৱাট, মিঃ ৰাৱাট আৰু আন ১১ গৰাকী মৃতকৰ প্ৰতি শ্ৰদ্ধা জনায়।
Comments