Choose Language

  • All  
  • English
  • অসমীয়া

বজাৰত উপলব্ধ সুস্বাদু মাছ শৰীৰৰ বাবে কিমান গ্ৰহণযোগ্য! ইয়াৰ ফলত হ'ব পৰা পাশ্বক্ৰিয়া সমূহৰ বিষয়ে জানক সবিশেষ


Published on December 10, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

সাৱধান; সৰহকৈ গৰম পানী খালে শৰীৰত হ'ব পাৰে বহুটো সমস্যা


Published on December 7, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৭ ডিচেম্বৰঃ শীতকালত সকলো মানুহে গৰম পানী খাবলৈ পছন্দ কৰে, কিন্তু অনবৰতে গৰম পানী অভ্যাসটোৱে শৰীৰৰ ক্ষতিও কৰিব পাৰে। ওজন হ্ৰাস আৰু হজম শক্তি সক্রিয় কৰি ৰাখিবলৈ পৰ্যাপ্ত পানী খোৱাটো অত্যাৱশ্যকীয়। বেছিভাগ লোকে ৰাতিপুৱা এগিলাচ কুহুমীয়া পানীৰে দিনটো আৰম্ভ কৰে, কিন্তু গোটেই দিনটো সঘনাই গৰম পানী খোৱা দেখা নাযায়। 

সাধাৰণতে কোৱা হয় যে, দৈনিক ৬-৭ গিলাচ পানী খাব লাগে, কিন্তু অত্যাধিক পৰিমাণত গৰম পানী খালে শৰীৰৰ আভ্যন্তৰীণ প্ৰণালী ক্ষতিগ্ৰস্ত হ'ব পাৰে, সেয়েহে অত্যাধিক হাৰত গৰম পানী খাব নালাগে।  গৰম পানীৰ তাপমাত্ৰা শৰীৰৰ আভ্যন্তৰীণ অঙ্গতকৈ বহুত বেছি। গৰম পানী খালে শৰীৰৰ ভিতৰৰ অঙ্গবোৰ জ্বলি যোৱাৰ আশংকা থাকে। সেয়েহে গৰম পানী কুহুমীয়া কৰি পাতলকৈ খাব লাগে। 

শৰীৰৰ আভ্যন্তৰীণ অঙ্গবোৰৰ কোষবোৰ অত্যন্ত সংবেদনশীল। যদি অনবৰতে গৰম পানী খাই থকা হয়, তেতিয়া ইয়াৰ ফলত শৰীৰৰ আভ্যন্তৰীণ অঙ্গবোৰত ফোঁহা হ'ব পাৰে। গৰম পানীৰ দ্বাৰা প্ৰথমে প্ৰভাৱিত হোৱা অঙ্গবোৰ হ'ল ওঁঠ, মুখৰ ভিতৰৰ অংশ, জিভা আৰু ডিঙি। 

মানুহৰ শৰীৰত থকা বৃক্কৰ কাৰ্য হৈছে শৰীৰৰ পৰা পানী আৰু বিষাক্ত পদাৰ্থ নিষ্কাশিত কৰা। যদিহে গৰম পানী সঘনাই খোৱা হয় তেতিয়া ই বৃক্কৰ কাৰ্যক অধিক প্ৰভাৱিত কৰে। 

যদি কাৰোবাৰ অস্ত্ৰোপচাৰ কৰা হৈছে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গৰম পানী খাব লাগে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ গৰম পানী খোৱাটো অনুচিত। 

ৰাতি শুই থাকোঁতে গৰম পানী খোৱাৰ অভ্যাস থাকিলে এইটোও মন কৰিব লাগে যে, ৰাতি শুই থাকোঁতে গৰম পানী খালে টোপনিৰ সমস্যা হ'ব পাৰে। ইয়াৰ ফলত সঘনাই প্ৰস্ৰাৱ হয় আৰু শৰীৰৰ ৰক্ত নলীৰ কোষবোৰৰ ওপৰত চাপ বৃদ্ধি হয়।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

Cartoon
View Older

 

September 29, 2022




From Our Archive

Create Account