গুৱাহাটী, ১১ ডিচেম্বৰঃ ক'ভিড-১৯ ৰ প্ৰকাৰ অ'মিক্ৰনত বৰ্ধিত আক্রান্ত লোকৰ মাজতে শনিবাৰে আৰু দেওবাৰে অৰ্থাৎ ১১ আৰু ১২ ডিচেম্বৰ তাৰিখে মুম্বাইত চি.আৰ.পি.চি.ৰ ধাৰা ১৪৪ জাৰি কৰা হয়।
ইয়াকে লৈ মুম্বাইত মানুহ বা বাহনৰ ৰেলী, মৰ্চা, শোভাযাত্ৰা আদি নিষিদ্ধ কৰা হৈছে। লগতে, যদি কোনো ব্যক্তি বা সংগঠনক যদি নিয়ম উলংঘা কৰা দেখা যায় তেন্তে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ আৰু অন্যান্য আইনী ব্যৱস্থাৰ অধীনত শাস্তি দিয়া হ'ব।
বিষয়াসকলৰ মতে, অমৰাৱতী, মালেগাঁও আৰু নান্দেদত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি ভাবুকি অহাৰ বাবেও এই নিৰ্দেশ জাৰি কৰা হৈছে।
ৰাজ্যখনে শুকুৰবাৰে অ'মিক্ৰন প্ৰকাৰৰ দ্বাৰা ৭ জন লোক আক্রান্ত হোৱাৰ খবৰ পোৱা পিছতে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। দেশখনত প্ৰথমবাৰৰ বাবে এই নতুন প্ৰকাৰটো চিনাক্ত হোৱাৰ এসপ্তাহত অতিক্রম কৰাৰ পিছতে মহাৰাষ্ট্ৰ এতিয়া ১৭ জন আক্রান্ত লোকৰ সৈতে তালিকাৰ শীৰ্ষত আছে।ভাৰতত বৰ্তমান পাঁচখন ৰাজ্যৰ পৰা ৩২ জন লোক অ'মিক্ৰনত আক্রান্ত হৈছে।
Comments