Cartoon
View Older
গুৱাহাটী, ১০ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতৰ ওপৰত কেইগৰাকীমান শিক্ষাৰ্থীয়ে দাখিল কৰা এক আৱেদনৰ ভিত্তিত শুক্রবাৰে এই পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত আঁতৰ কৰাৰ আনুষ্ঠানিক ঘোষণা প্ৰকাশ পায়।
বিগত ২৬ নৱেম্বৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ এক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ বিষয়ে উচ্চ ন্যায়ালয়ক অৱগত কৰোৱা হৈছিল।
সেই মৰ্মে আগন্তুক বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এই নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব।
Comments