গুৱাহাটী,১০ ডিচেম্বৰ: মানুহে মানুহৰ বাবে শীৰ্ষক শ্লোগান হাতত তুলি লৈ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন, সৰ্থেবাৰীৰ প্ৰাক্তন ছাত্ৰ-ভাৰতীয়ে আজি গুৱাহাটীৰ বিভিন্ন স্থানত বস্ত্ৰ বিতৰণ কৰে।'সহায়' শীৰ্ষক এই কাৰ্যসূচীৰ বাবে বিগত তিনিদিন ধৰি সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত অব্যৱহাৰ্য্য কিন্তু ব্যৱহাৰৰ উপযোগী কাপোবোৰ প্ৰাক্তন ছাত্ৰ-ভাৰতীৰ সদস্য সকলে সংগ্ৰহ কৰি আহিছিল।এই সমগ্ৰ কাৰ্যসূচীত প্ৰত্যক্ষ ভাৱে সহায় কৰিছিল সৰ্থেবাৰী যুৱ-শক্তি আৰু মৃত্যুঞ্জয় একাডেমী, বেঙাপাৰাৰ সদস্য বৃন্দই।
প্ৰাক্তন ছাত্ৰ-ভাৰতীৰ সদস্য সকলে আজি প্ৰথমে গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ সন্মুখত থকা পদপথৰ লোক সকলৰ মাজত বস্ত্ৰ বিতৰণ কৰে আৰু তাৰ পিছত তেওঁলোকে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ লগতে গুৱাহাটী মেডিকেল কলেজৰ কাষত থকা হৰিজন কলনিত বস্ত্ৰ বিতৰণ কৰে।কেৱল মাত্ৰ গুৱাহাটীয়েই নহয় নলবাৰী আৰু সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলতো তেঁওলোকে বস্ত্ৰ বিতৰণ কৰে।
শীতৰ প্ৰকোপৰ পৰা পদপথৰ লোক সকলক আংশিক ভাৱে সকাহ কৰাৰ উদ্দেশ্যি আৰম্ভ কৰা এই প্ৰশংখনীয় পদক্ষেপত উপস্থিত আছিল বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ হিমাংশু ডেকা,মনজিৎ তালুকদাৰ,অনুপম ভূঞা,পংকজ ডেকা আৰু নিকুমনি বৰ্মন।
Comments