গুৱাহাটী,১০ ডিচেম্বৰ:সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সম্পন্ন হ’ল বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিবাহ। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিকি-কেটে মেলিলে যুগ্মজীৱনৰ পাটনি। ন-কইনা কেটৰিনাই আপলোড দিলে বিবাহৰ বিভিন্ন ছবি। নৱবিবাহিত দম্পতীয়ে বৃহস্পতিবাৰে নিশা বিবাহৰ ফটো আনুষ্ঠানিকভাৱে বিকী কৌশল আৰু কেটৰিনাই কাঈফৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ৰাজহুৱা কৰিছিল। ইয়াৰ পাছতে দুয়োগৰাকীৰে অনুৰাগীৰ মাজত উছাহে নধৰা হৈছিল।
বিকী আৰু কেটক দৰা-কইনাৰ পোছাকত সাইলাখ ৰজা আৰু ৰাণীৰ দৰে দেখা গৈছিল। কেটে পৰিধান কৰা বিয়াৰ আঙঠিটো বিখ্যাত আন্তৰ্জাতিক গহনা ব্ৰেণ্ড ‘টিফানি’ৰ পৰা ক্ৰয় কৰা হৈছিল।আঙঠি বিদেশৰ হলেও বিয়াৰ অন্য কাপোৰ আৰু গহনা সামগ্ৰীত কিন্তু ভাৰতীয় স্পৰ্শ আছিল।নীলা চেফায়াৰ হীৰাৰ বাগদানৰ আঙঠিটোকে কেটৰ আঙুলিত বিকিয়ে পৰিধান কৰাই দিছিল। এই বিশেষ আঙঠিটোৰ দাম ভাৰতীয় মুদ্ৰাত ৭ লাখ ৪০ হাজাৰ ৭০৮ টকা ৷ তদুপৰি বিকীয়ে কেটক পৰিধান কৰোৱা মংগলসূত্ৰও হীৰাৰে নিৰ্মিত আছিল।
Comments