গীতা গোপীনাথে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ (আই এম এফ)ৰ প্ৰথম উপ পৰিচালন সঞ্চালক( first deputy managing director) ৰূপে অতি শীঘ্ৰেই বৰ্তমানৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাৰ কাৰ্য্যকালত অধিষ্ঠিত হ’ব। মাইশুৰুৰ সাধাৰণ পৰিয়ালৰ ছোৱালীজনী বিশ্ববিখ্যাত অৰ্থনীতিবিদ হোৱাৰ কাহিনী চমকপ্ৰদ।
গুৱাহাটী, ১০ ডিচেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ গোলকীয় বিত্তীয় ঋণদাতা শাখাৰ মুখ্য অৰ্থনীতিবিদ হিচাপে কৰ্মৰত ভাৰতীয়মূলৰ আমেৰিকাৰ নাগৰিক গীতা গোপীনাথৰ বৰ্তমান পদোন্নতি হৈছে প্ৰথম উপ পৰিচালন সঞ্চালক পদলৈ।তেওঁ সেই পদত থকা জিঅ’ফ্ৰি অ’কাম’টোৰ উত্তৰসূৰী হ’ব।
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ প্ৰথম মহিলা মুখ্য অৰ্থনীতিবিদ হিচাপে কাম কৰা গীতা গোপীনাথে কভিড ১৯ৰ মাজত কৰা ব্যতিক্ৰমী কৰ্মৰাজীৰ লগতে গোলকীয় অৰ্থনীতি তথা মুদ্ৰা কোষে হঠাৎ আহি পৰা উত্থান –পতনৰ অতিশয় সংকটপূৰ্ণ অৰ্থনৈতিক অৱস্থাৰ মাজেদি অতিক্ৰম কৰাত বৌদ্ধিক নেতৃত্বৰে সাহায্য আগবঢ়োৱাৰ বাবে উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
গৱেষনা বিষয়ত থকা পাৰ্গতালি আৰু জটিল সমস্যাৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত থকা তেওঁৰ সক্ষমতাৰ বাবে তেওঁক বহু পদত যচা হৈছে। ২০১৮ চনত গীতাক ‘এমেৰিকান একাডেমি অফ আৰ্টছ এণ্ড ছায়েন্স এণ্ড ইকন’মেট্ৰিক ছ’চাইটি’(American Academy of Arts and Sciences and the Econometric Society)ৰ ফেল’ হিচাপে নিৰ্বাচিত কৰা হৈছিল। তাৰ পিচৰ বছৰত ফৰেইন পলিচী মেগাজিনে এগৰাকী উচ্চ স্থানৰ গোলকীয় চিন্তাবিদ হিচাপে তেওঁৰ নাম উল্লেখ কৰিছিল। ২০১৯ চনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আগবঢ়োৱা আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ‘প্ৰৱাসী ভাৰতীয় সন্মান’ তেওঁক যছা হৈছিল।
পোন প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলাই সংন্থাটোৰ শীৰ্ষ পৰ্যায়ত কাম কৰিব। জৰ্জিভাই গীতা গোপীনাথ নতুন পদত অধিষ্ঠিত হোৱাৰ প্ৰসংগত কয় যে, নেতৃত্ব দিবৰ বাবে ‘গুৰুত্বপূৰ্ণ সময়ত শুদ্ধ ব্যক্তি’।
গীতাৰ জন্ম হৈছিল ১৯৭১ চনৰ ৮ ডিচেম্বৰত কলিকতাত বাংলাদেশ যুদ্ধৰ সময়্ত।তেওঁৰ ৯ বছৰ বয়্সত পৰিয়ালটো মাইশুৰুলৈ উঠি যায়। তেওঁৰ দেউতাক টি. ভি গোপীনাথ আছিল এজন ব্যৱসায়ী আৰু মাক ভ. চি বিজয়ালক্ষীয়ে এখন প্লে’ স্কুল চলাইছিল।
মাইশুৰুত স্কুলীয়া শিক্ষা সাং কৰি দিল্লী বিশ্ব বিদ্যালয়ৰ অধীনৰ লেডী শ্ৰী ৰাম কলেজ ফৰ ৱিমেনৰ পৰা তেওঁ স্নাতক হয় ১৯৯২ চনত। তেওঁ অৰ্থনীতিত স্নাতকোত্তৰ শিক্ষাৰ বাবে দিল্লী বিশ্ব বিদ্যালয়ত নাম লিখোৱাৰ সময়ত বৰ্তমান তেওঁৰ স্বামী ইকবাল সিং ধালিৱালক লগ পায়। ইকবাল বৰ্তমান মেছাচুছেটছত থকা ‘লটিফ জমিল প’ভাৰ্টি একশ্বন লেব’ৰ সঞ্চালক।
২০০১ চনত তেওঁ ছিয়াটেলত থকা ৱাশ্বিংটন বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া পি এইচ ডি পাঠ্যক্ৰমত ভৰ্তি হয়। তাতেই তেওঁৰ অধ্যাপকে তেওঁক বিগত বিশটা বছৰত পোৱা শ্ৰেষ্ঠ ছাত্ৰ হিচাপে হাভাৰ্ড আৰু প্ৰিন্সষ্টন বিশ্ববিদ্যালয়লৈ তেওঁক মনোনয়ন কৰে। গীতাই প্ৰিন্সষ্টন বিশ্ব বিদ্যালয়ৰ পৰা পি এইচ ডি সম্পূৰ্ণ কৰে আৰু তাতেই তেওঁক কেনেথ ৰগফ আৰু ফেডেৰেল ৰিজাৰ্ভৰ প্ৰাক্তন অধ্যক্ষ বান বাৰ্ণেংকেৰ দৰে বিশ্ব বিখ্যাত অৰ্থনীতিবিদসকলৰ তত্বাৱধানত স্থাপিত কৰা হৈছিল।
গীতাৰ দেউতাকে কৈছিল, সপ্তম শ্ৰেণীলৈকে শতকৰা ৪৫ নম্বৰ পোৱা ছোৱালীজনীয়ে হঠাতে ৯০শতাংশ নম্বৰ পাবলৈ ল’লে। ৯০ শতাংশ নম্বৰ পাবলৈ আমি আমাৰ সন্তানৰ ওপৰত কেতিয়াও হেঁছা দিয়া নাছিলোঁ। উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়ালৈকে সিহঁত গধূলি ৭.৩০বজাতে শুবলৈ গৈছিল। গীতাই উচ্চ মাধ্যমিকৰ পিচত ইঞ্জিনিয়াৰিং বা মেডিচিন পঢ়িব পৰাকৈ নম্বৰ পাইছিলে যদিও অৰ্থনীতিত সন্মানসহ কলা শাখাত স্নাতক পঢ়িবলৈ নিজে বাচি ল’লে।
গীতাই অৰ্থনীতি পঢ়িবলৈ বাচি লোৱাৰ কাহিনীও চমকপ্ৰদ। ১৯৮৯-১৯৯২ চনলৈ ভাৰত এক অৰ্থনৈতিক সংকটৰ মাজেদি গৈছিল। তেতিয়াই আন্তঃ ৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ সাহায্য আহি পৰিছিল। সেই কথাই গীতাক অ্ৰ্থনীতিৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল আৰু সেয়াই অধ্যয়নৰ বাবে অনুপ্ৰেৰণা যোগাইছিল।
গীতাই প্ৰকাশ কৰে যে নিজৰ ধ্যান-ধাৰণাৰ প্ৰতি তেওঁৰ অন্তৰ্নিহিত শক্তি, বিশ্বাস আৰু নিজৰ সামৰ্থ্যৰ মাজেৰে আগবাঢ়ি যোৱাৰ সক্ষমতাই তেওঁৰ সমল।
Comments