গুৱাহাটী,১২ডিচেম্বৰঃ নিৰাপত্তা বাহিনীৰ দ্বাৰা নগালেণ্ডত ১৪ জন নাগৰিকক কৰা ভয়ংকৰ হত্যাকাণ্ডৰ পিছত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন দেশৰ জনগণৰ দ্বাৰা সমালোচিত হৈছে ।মানৱ অধিকাৰ উলংঘা কৰা এই আইনখনক শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ ভাৰত চৰকাৰক দাবী জনাইছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে।
এই ক্ষেত্রত মণিপুৰৰ শাসনাধিষ্ঠিত বিজেপিৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন তৎক্ষণাৎ বাতিল কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাই মণিপুৰৰ কংগ্ৰেছে।তেওঁলোকে লগতে দাবী কৰিছে যে ২০২২ চনত বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ ক্ষমতালৈ আহিলে ৰাজ্যখনত এই আইনখন সম্পূৰ্ণৰূপে আঁতৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
আইনখন প্ৰত্যাহাৰৰ সন্দৰ্ভত ৰাজ্যিক কংগ্ৰেছে কয়, "কংগ্ৰেছৰ শাসনৰ সময়ত ইম্ফলকে ধৰি সাতটা বিধানসভা সমষ্টিৰ পৰা আফছপা আইন আঁতৰাই দিছিল। যদি কংগ্ৰেছ ২০২২ চনত পুনৰ ক্ষমতালৈ আহে তেন্তে প্ৰথম কেবিনেট বৈঠকতেই সমগ্ৰ ৰাজ্যৰ পৰা আফছপা তাৎক্ষণিক আৰু সম্পূৰ্ণৰূপে অপসাৰণৰ সিদ্ধান্ত লোৱা হ'ব" ।
Comments