Classifieds
View All
গুৱাহাটী ১২ ডিচেম্বৰ : বলীউডৰ জনপ্ৰিয় যুটী বিকি কৌশল আৰু কেটৰিনা কাইফ এতিয়া বিবাহিত দম্পতী।তেওঁলোক দুয়ো নিজৰ নতুন জীৱন আৰম্ভ কৰাৰ বাবে ক্ৰয় কৰিছে এটা ব্যয় বহুল ফ্লেট। যিটো দেখিবলৈ খুবেই ধুনীয়া আৰু তাৰ কাষত থকা সাগৰৰ দৃশ্যবোৰৰ তাতোতকৈ ধুনীয়া। এই ঘৰটোৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।
বিকি কৌশল আৰু কেটৰিনা কাইফে অতি সোনকালেই মুম্বাইৰ জুহুত তেওঁলোকৰ নতুন ঘৰত থাকিবলৈ আহিব। সাগৰৰ পাৰত থকা তেওঁৰ ঘৰটোৰ একেটা অট্টালিকাত আছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী। অনুষ্কাই নিজেও শেহতীয়াকৈ এইটো প্ৰকাশ কৰিছিল। তেওঁ বিকি কেটৰিনাক বিয়াৰ শুভেচ্ছা জনাই অনুৰাগীসকলক এই কথা প্ৰকাশ কৰিছিল।
Comments