গুৱাহাটী,১২ ডিচেম্বৰ:ৰাজধানীৰ ঐতিহ্যমণ্ডিত অশোক হোটেলৰ দায়িত্ব বেচৰকাৰী সংস্থাক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্রই । ৬৫ বছৰ পুৰণি এই চৰকাৰী সম্পত্তিৰ পৰা চৰকাৰৰ কোনো লাভ নোহোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সূত্রৰ খবৰ । বৰঞ্চ, চৰকাৰী হিচাপ অনুযায়ী হোটেলখন নতুন কার্পেট, নতুন আচবাবেৰে নতুনকৈ সজাওঁতে ৫০০ কোটি টকা ব্যয় হ’ব পাৰে । সেয়ে কেন্দ্রই সিদ্ধান্ত লৈছে যে এই বিশাল ব্যয়ৰ বোজা চৰকাৰৰ কান্ধত নলৈ সেই ভাৰ কোনো বেচৰকাৰী সংস্থাৰ হাতত তুলি দিব।
এক সর্বভাৰতীয় সংবাদ সংস্থাৰ দ্বাৰা প্রকাশিত প্ৰতিবেদনত এই তথ্য জনোৱা হৈছে । প্ৰতিবেদনত কোৱা হৈছে, কেন্দ্রই ৬০ বছৰৰ বাবে চুক্তি ভিত্তিক ভাৰা দিব বিচাৰিছে অশোক হোটেলখন । ইয়াৰ বাবে বৃহৎ অংকৰ ধন লিজৰ লগতে বার্ষিক লভ্যাংশও দাবী কৰিব পাৰে কেন্দ্রই । এই বিষয়ত শীঘ্রে মন্ত্রীসভাই সিদ্ধান্ত ল’ব বুলিও জানোৱা হৈছে প্ৰতিবেদনখনত ।
কোষাগাৰৰ অৱস্থা পুনৰ সৱল কৰি তুলিবলৈ সম্প্রতি বিভিন্ন চৰকাৰী সম্পত্তিৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰিছে কেন্দ্রই । অশোক হোটেলক লৈ এই সিদ্ধান্ত সেই পৰিকল্পনাৰেই অংগ বুলি অনুমান কৰা হৈছে । প্রায় চাৰে ২১ একৰ ভূমিত তৈয়াৰী এই হোটেলখনত ৫০০টা কোঠা আছে । ইয়াৰ উপৰি হোটেলৰ কাষত বহু খালি ভূমি আছে । ইয়াৰ ভিতৰত ৮.১ একৰ ভূমি পৃথককৈ লিজত দিয়াৰ কথা ভাবিছে কেন্দ্রই । ৬.৩ একৰ ভূমি হোটেল চৌহদতেই বিশেষ সেৱাযুক্ত এপার্টমেন্ট তৈয়াৰ কৰিবৰ বাবে দিয়া হ’ব । বাকী ১.৮ একৰ অন্যান্য বাণিজ্যিক কাৰ্য্যত ব্যৱহাৰ কৰিবৰ বাবে ভাৰা দিয়া হ’ব । কেন্দ্র সূত্রে খবৰ এই ভূমি ৯০ বছৰৰ বাবে লিজত দিয়া হ’ব । ম্যাদ উকলিলে পুনৰ চৰকাৰৰ হাতলৈকে ঘূৰি আহিব ।
১৯৫৬ত ৰাষ্ট্ৰসংঘৰ এক সন্মিলনৰ বাবে তৈয়াৰ কৰা হয় অশোক হোটেল । ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে হোটেলখন তৈয়াৰ কৰিছিল জম্মু কাশ্মীৰৰ তৎকালীন যুৱৰাজ কর্ণ সিঙে দান কৰা ২৫ একৰ ভূমিৰ ওপৰত । হোটেলখনৰ আধুনিক ভাৰতীয় স্থাপত্যৰ নক্সা প্ৰস্তুত কৰিছিল স্থপতি ই বি ডক্টৰে । ৬৫ বছৰ পাছত সেই ঐতিহ্যমণ্ডিত সম্পত্তিৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত লয় যদিও হোটেলৰ স্থাপত্যত যাতে কোনো ধৰণৰ পৰিৱৰ্তন নঘটে সেই বিষয়টো লক্ষ্য ৰাখিব কেন্দ্রই । এই বিষয়ত চর্তও আৰোপ কৰা হ’ব চুক্তিপত্রত। খবৰ অনুসৰি কোনো এটা সংস্থা বা একাধিক সংস্থাই একেলগে আবেদন কৰিব পাৰে । সর্বোচ্চ মূল্য দিবলৈ আগ্রহীকেই নিৰ্বাচিত কৰা হ’ব কেন্দ্রৰ তৰফৰ পৰা । ইয়াৰ পৰা লাভ কৰা এককালীন অর্থৰ এটা বৃহৎ অংশ ঋণ পৰিশোধ কৰিবলৈ আৰু স্বেচ্ছাবাসৰ প্রকল্পৰ কাৰ্যত লগাব পাৰে কেন্দ্রই ।
Comments