গুৱাহাটী,১৩ ডিচেম্বৰ:সমগ্ৰ দেশতেই বিগত এমাহত সৰিয়হ তেলৰ মূল্য প্রতি লিটাৰত ৮ ৰ পৰা ১০ টকাকৈ কমিছে । আগন্তুক কিছু মাহত সৰিয়হ তেলৰ মূল্য প্রতি লিটাৰত তিনিৰ পৰা চাৰি টকাকৈ হ্ৰাস পাব । এই কথা জনালে বণিকসভা ছলভেন্ট এক্সট্রেক্টর্ছ এছ’চিয়েচন অৱ ইণ্ডিয়াই (এছইএ) । ইয়াৰ কাৰণ হিচাপে জনোৱা হৈছে, আমদানি শুল্ক কমিছে, দেশত তৈলবীজৰ ফলন খুব ভাল হৈছে আৰু আন্তর্জাতিক বজাৰত সৰিয়হ তেলৰ মূল্য কমিছে । তাৰ ফলতেই দেশৰ বজাৰতো মূল্য হ্ৰাস পাইছে ।
এছইএ-ৰ সভাপতি অতুল চতুর্বেদীয়ে জনাইছে, ‘বিগত কিছু মাহ ধৰি দেশত সৰিয়হ তেলৰ মূল্য বৃদ্ধিত জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । ইয়াৰ কাৰণ হ’ল, আন্তর্জাতিক বজাৰত সৰিয়হ তেলৰ মূল্য অত্যধিক বৃদ্ধি পাইছিল । পাম তেল, ছয়া তেল, ছানফ্লাৱাৰ তেলৰ মূল্যৰ হাৰ বৃদ্ধি পাইছিল । দীপাৱলীৰ আগতে এছইএ-ৰ তৰফৰ পৰা সদস্যসকলক যথা সম্ভৱ মূল্য হ্ৰাস কৰিবলৈ কোৱা হৈছে । কেন্দ্রীয় চৰকাৰকেও সৰিয়হ তেলৰ আমদানি শুল্ক কমাই দিছে । এই উদ্যোগৰ ফলত যোৱা ৩০ দিনত সৰিয়হ তেলৰ মূল্য প্রতি লিটাৰত আঠৰ পৰা ১০ টকাকৈ হ্ৰাস পাইছে ।’
চলিত বৰ্ষত দেশত প্রায় এক কোটি ২০ লাখ টন ছয়াবিন উৎপাদন হৈছে । চীনাবাদাম উৎপাদন হৈছে ৮০ লাখ টন । সৰিয়হৰ উৎপাদনো ভাল হ’ব বুলি আশা কৰা হৈছে । ৭৭.৬২৩ লাখ হেক্টৰ ভূমিত সৰিয়হ খেতি কৰিছে কৃষকসকলে । ফলত দেশৰ বজাৰত সৰিয়হ তেল ৮ৰ পৰা ১০ লাখ টন উৎপাদন হ’ব বুলি আশা কৰা হৈছে ।
Comments