গুৱাহাটী, ১৩ ডিচেম্বৰঃ ডুবাইয়ে পৰিৱেশ সুৰক্ষাৰ দিশত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে, যি বৰ্তমান সকলো ঠাইতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ডুবাই সম্পূৰ্ণৰূপে কাগজবিহীন হোৱা বিশ্বৰ প্ৰথমখন চহৰ হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ, এতিয়াৰে পৰা ডুবাইৰ কাৰ্যালয়সমূহত কাগজৰ জৰিয়তে কোনো কাম কৰা নহ'ব। ডুবাইৰ ৪৫ টা চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ এতিয়া সম্পূৰ্ণৰূপে ডিজিটেল মাধ্যমযোগে সম্পন্ন হৈ আছে। ক্ৰাউন প্ৰিন্স শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাখতুমে ঘোষণা কৰিছিল যে, এই প্ৰণালীৰ জৰিয়তে লক্ষাধিক আমেৰিকান ডলাৰ আৰু শ্ৰমৰ সময় ৰাহি কৰিব পৰা যাব।
এক বিশেষ প্ৰতিবেদন অনুসৰি, কাগজবিহীন নিয়মৰ ফলত বছৰি প্ৰায় ৩৩.৬ কোটি কাগজপত্র ৰাহি হ'ব। লগতে, ডুবাইৰ এই পদক্ষেপৰ পিছত প্ৰতি বছৰে প্ৰায় ২,৭০০ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও, এই সিদ্ধান্তই প্ৰায় ১.৪ নিযুত মানৱ শ্ৰমিকৰ সময় ৰাহি হ'ব। ডুবাইত কাগজবিহীন চৰকাৰী ব্যৱসায়ৰ প্ৰৱৰ্তন ২০১৮ চনত আৰম্ভ হৈছিল। ক্ৰাউন প্ৰিন্স শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাখতৌমে শনিবাৰে আনুষ্ঠানিকভাৱে কাগজবিহীন চহৰৰ কথা ঘোষণা কৰিছিল। মাখতুমে কৈছিল, "ডুবাইৰ উন্নয়ন যাত্ৰাৰ সকলো দিশতে এই পদক্ষেপটোৱে সকলোকে উপকাৰ কৰিব। মানুহৰ জীৱনক আধুনিকীকৰণ কৰাৰ দিশে এই পদক্ষেপ হৈছে এক নতুন যুগৰ আৰম্ভণি।"
মাখতুমে লগতে কৈছিল যে, "সম্পূৰ্ণ ডিজিটেল পৰিৱৰ্তনে সকলো ডুবাইৰ বাসিন্দাৰ বাবে স্মাৰ্ট চিটিৰ অভিজ্ঞতা সমৃদ্ধ কৰিব আৰু কাগজৰ লেনদেন আৰু নথিপত্ৰৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নাইকিয়া কৰা হ'ব।" তাৎপৰ্যপূৰ্ণভাৱে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু কানাডাৰ দৰে দেশবোৰেও ডিজিটাইজেচনৰ দিশে আগবাঢ়িছে, কিন্তু চাইবাৰ আক্ৰমণৰ আশংকাই তেওঁলোকৰ বাবে সম্পূৰ্ণৰূপে ডিজিটাইজ কৰাটো কঠিন কৰি তুলিছে।
Comments