গুৱাহাটী,১৩ ডিচেম্বৰ:দীঘলীয়া অপেক্ষাৰ পাছত 'পবিত্ৰ ৰিষ্টা' খ্যাত অভিনেত্ৰী অংকিতা ল’খাণ্ডে আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈন আবদ্ধ হ’ল বিবাহপাশত।ইয়াকে লৈ মুম্বাইত অনুষ্ঠিত হৈছিল এক ৰাজকীয় বিবাহ অনুষ্ঠানৰ।অংকিতাৰ মেহেন্দি অনুষ্ঠান আছিল শনিবাৰে।ইতিমধ্যে অনুষ্ঠানটোৰ কেইবাটাও মুহূৰ্তৰ ভিডিঅ’ আৰু ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
পৰিয়াল আৰু কিছুমান অতি ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত মেহেন্দিৰ অনুষ্ঠান সম্পন্ন হয়।অংকিতাক প্ৰখ্যাত মেহেন্দি শিল্পী বীণা নাগদাৰে মেহেন্দি লগোৱা দেখা যায়।ৰবিবাৰে নিশা বিবাহপাশত আবদ্ধ হ’ব অংকিতা ল’খাণ্ডে আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈন।১২,১৩ আৰু ১৪ এই তিনিদিনীয়া কাৰ্যসূচীৰে ৰীতি নীতি অনুসৰি বিবাহ অনুষ্ঠিত কৰা হৈছে।
এই বছৰৰ আৰম্ভণিৰ পৰাই সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ বিষয়ে চর্চা আৰম্ভ হৈছিল যদিও তেওঁলোকে বিবাহৰ কোনো কথা সদৰী কৰা নাছিল । এইবাৰ অংকিতা ল’খাণ্ডেয়ে সকলো জল্পনা-কল্পনাৰ সমাপ্তি ঘটাই আজি অৱশেষত বিয়াত বহে।
Comments