গুৱাহাটী, ১৩ ডিচেম্বৰঃ সোমবাৰে কনিয়াক নাগৰিক সমাজ সংগঠনে ৪ ডিচেম্বৰত অসম ৰাইফলছৰ জোৱানে সংঘটিত কৰা ঘটনাটোৰ ১৪ জন ভুক্তভোগীৰ লগতে জীৱিত পৰিয়ালৰ সদস্যক চৰকাৰী অনুগ্রহ অথবা ক্ষতিপূৰণ দিয়াৰ সলনি সঠিক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে উত্তৰ নগালেণ্ডৰ মন জিলাত ৪ ডিচেম্বৰত অসম ৰাইফলছৰ গুলীচালনাত ১৪ জন সাধাৰণ লোক নিহত আৰু ৩০ জন আহত হোৱাৰ পিছত নিহত আৰু আহত লোকৰ আত্মীয়সকলৰ বাবে ক্ৰমান্বয়ে ১৬ লাখ আৰু ১.৫ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰিছিল।
অটিং ভিলেজ কাউন্সিল, কনিয়াক ছাত্ৰ সন্থা, কনিয়াক নিউপুহ শ্বেকো খুং আৰু অন্যান্য নেতাকে ধৰি নাগৰিক সমাজ সংগঠনসমূহে পৃথকে সংবাদ মাধ্যমক কয় যে গুলীচালনাৰ ঘটনাত জড়িত সকলো সুৰক্ষা কৰ্মীক তৎক্ষণাৎ শাস্তি দিয়া উচিত। তেওঁলোকে লগতে, সশস্ত্ৰ বাহিনী (বিশেষ শক্তি) আইন, ১৯৫৮ (এএফএছপিএ) তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবী জনায়। পৃথক বিবৃতিত, নাগৰিক সমাজ সংগঠনবোৰে ভুক্তভোগীসকলৰ সন্দৰ্ভত এক শিলাখণ্ড নিৰ্মাণৰ বাবে এটা স্থান আৱণ্টন কৰাৰ দাবী জনাইছিল। তেওঁলোকে কৈছিল যে ১৪ জন নিৰীহ লোকৰ স্মৰণত ঠাইখনৰ নাম 'গণহত্যা উদ্যান' হিচাপে বিবেচিত হ'ব। লগতে, তেওঁলোকে স্থান আৱণ্টনৰ দাবী অতি সোনকালে পূৰণ নকৰিলে কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ব বুলি উল্লেখ কৰে।
ইপিনে, বিগত ৪ ডিচেম্বৰৰ পৰা, ৰাজধানী চহৰ কোহিমাকে ধৰি সমগ্ৰ নগালেণ্ডত বিভিন্ন স্মাৰক আৰু প্ৰতিবাদী অনুষ্ঠান চলি আহিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে মন জিলাৰ গাওঁসমূহত কনিয়াক বেপ্টিষ্ট বুমেইনোক বাংজুম (কেবিবিবি)ৰ সহযোগত এক মমবাতি জ্বলাই পদযাত্ৰা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছত ১৬ ডিচেম্বৰত এক গণ ৰাজহুৱা সমদল অনুষ্ঠিত হ'ব আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে পূৰ্বৰ স্মাৰকপত্ৰখন ভাৰত চৰকাৰক দাখিল কৰা হ'ব। নগালেণ্ড চৰকাৰে বিগত সপ্তাহত আফছপা বাতিল কৰাৰ বাবে আলোচনা তথা প্ৰস্তাৱ গৃহীত কৰিবলৈ ২০ ডিচেম্বৰত বিধানসভাৰ এক বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।
ইফালে, ৪ ডিচেম্বৰৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধান কাৰী দলে ঘটনাটোৰ বিষয়ে যিকোনো ধৰণৰ তথ্য থকা লোকসকলক তেওঁলোকৰ সৈতে শীঘ্ৰে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ৫ জনীয়া বিশেষ অনুসন্ধান কাৰী দলটিয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সন্দীপ এম তামগাডগেৰ সামগ্ৰিক তত্বাৱধানত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ লগতে সেনা বাহিনীয়েও সমগ্ৰ দেশক জোকাৰি যোৱা এই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
Comments