Classifieds
View All
গুৱাহাটী, ১৩ ডিচেম্বৰঃ দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাত দুটা হাতীৰ মৃতদেহ উদ্ধাৰ হয়। বনবিভাগৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, ই এ ডব্লিউ এল ডিভিজনৰ সীমান্তৱৰ্তী ডলামৰাৰ বন পৰিসৰ কাৰ্যালয়ৰ পূব ফালে থকা বৰভেটা গাঁৱত এটা গৰ্ভৱতী হাতী আৰু এটা মতা হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ বন্যপ্ৰাণী পশু চিকিৎসকৰ দ্বাৰা হাতী দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল।
য'ত প্ৰাথমিক অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে হাতী দুটাৰ মৃত্যুৰ কাৰণ সন্দেহজনক বিষক্ৰিয়াৰ ফলত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।
Comments