যোৰহাট , ১৪ ডিচেম্বৰ : বিগত বৰ্ষসমূহৰ দৰেই উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহৰ ভিত্তিত অনুষ্ঠিত হৈ অহা নৰ্থ্-ইষ্ট্ পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ খনি এইবাৰ অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ উদ্যোগত আৰু গ্ৰাম্য ক্ৰীড়া উন্নয়ণ সন্থাৰ সহযোগত যোৰহাট জিলাৰ আই.এছ.বি.টি. কমপ্লেক্সত ১০, ১১ আৰু ১২ ডিচেম্বৰত অনুষ্ঠিত কৰা হয়।
এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় ভিত্তিত আয়োজিত "ইণ্টাৰ জ'নেল" প্ৰতিযোগিতাৰ বাবে বাচনি কৰা হয়। উল্লেখ্য যে সমৰকলাৰ জৰিয়তে যুৱপ্ৰজন্মক আত্মৰক্ষা, সু-স্বাস্থ্য, কৰ্ম্মোদ্যম আৰু আত্মবিশ্বাসী কৰি গঢ়ি তোলাৰ লগতে এই ক্ৰীড়াৰ মাধ্যমেৰে নিয়মানুৱৰ্ত্তিতা আৰু নৈতিকতাৰ আধাৰত এখন সুন্দৰ, প্ৰগতিশীল সমাজ গঢ়াৰ সঙ্কল্প আগত ৰাখি অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনে অসমৰ সকলো জিলাত পেঞ্চাক চিলাট সমৰ কলাৰ নিয়মিয়াকৈ প্ৰশিক্ষণ দি আহিছে আৰু বৰ্ত্তমান এছ'চিয়েশ্ব্যনৰ যশষ্যা অসমৰ চাৰিসীমাৰ মাজতে আবদ্ধ নাথাকি কলা-কৌশল আৰু গুণ-গৰিমাৰে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিবলৈ সমৰ্থ হৈছে।
অসম, অৰুণাচল, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু চিক্কিমৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা চতুৰ্থ নৰ্থ্-ইষ্ট্ পেঞ্চাক চিলাট প্ৰতিযোগিতাত অসম দলে ৬৮ টা সোন, ৪৪ টা ৰূপ আৰু ৮৪ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম স্থান, মণিপুৰ দলে ৪৬ টা সোন, ২৬ টা ৰূপ আৰু ১৪ টা ৰূপৰ পদক লাভ কৰি ২য় স্থান আৰু মেঘালয় দলে ৪ টা সোন, ৫ টা ৰূপা আৰু ৬ টা ব্ৰ'ঞ্জৰ পদকেৰে তৃতীয় স্থান অধিকাৰ কৰে বুলি নৰ্থ্-ইষ্ট্ পেঞ্চাক চিলাট ফেডাৰেশ্ব্যনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জানিব দিয়ে ।
Comments