গুৱাহাটী,১৫ ডিচেম্বৰঃ ১৯৭২ চনত অসমৰ পৰা ফালৰি কাটি পৃথক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰা মেঘালয়ে সোণালী জয়ন্তী উদযাপনৰ উপলক্ষে নক্ৰেক উৎসৱ উদযাপন কৰিব । মেঘালয় পৰ্যটন বিভাগে আয়োজন কৰা এই উৎসৱটো চলিত বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ পূব গাৰো পাহাৰৰ দাৰিবোকগ্ৰে খেলপথাৰত অনুষ্ঠিত হ'ব।
ক্ৰীড়া, খাদ্য, সংগীত আৰু সাংস্কৃতিক কাৰ্যকলাপৰ পৰা দুঃসাহসিক অভিযানলৈকে, উৎসৱটো খ্ৰীষ্টমাছৰ আগতে আনন্দ আৰু উল্লাসেৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাই থকা হৈছে। লগতে বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী হ'ব। উৎসৱটোত 'ইণ্টাৰ-ভিলেজ টাগ অফ ৱাৰ' প্ৰতিযোগিতা হ'ব য'ত মেঘালয়ৰ কেইবাখনো গাওঁয়ে অংশগ্ৰহণ কৰিব ।
অনুষ্ঠানটোত আয়োজিত হ'বলগীয়া অন্যান্য প্ৰতিযোগিতাবোৰৰ ভিতৰত আছে চাইট্ৰাছ ৰেটিং প্ৰতিযোগিতা, জিপলাইনিং ৰন্ধন প্ৰতিযোগিতা আৰু পৰম্পৰাগত সংগীত প্ৰতিযোগিতা। দুঃসাহসিক কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে, আয়োজকসকলে উৎসৱৰ সময়ত মাউণ্টেইন বাইকিং আৰু ট্ৰেকিং আৰু কেম্পিং কৰাৰ পৰিকল্পনা কৰিছে।
Comments