গুৱাহাটী, ১৪ ডিচেম্বৰঃ এণ্টাৰ্কটিকাৰ থৱেইটছ হিমাবাহত (Thwaites Glacier) বৃহৎ অংশত ফাট মেলিছে। ডুমছডে হিমবাহ (Doomsday Glacier) নামেৰে জনাজাত, এই হিমবাহটোত বিপদজনক ফাটবোৰ দেখি বিজ্ঞানীসকলে ধাৰণা কৰিছে যে, অহা কেইবছৰমানৰ ভিতৰত ই আমেৰিকাৰ ফ্লৰিডাৰ দৰে এক ডাঙৰ অংশত বিয়পি পৰিব পাৰে। বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে যদি এনে হয়, ইয়াৰ ফলত বিশ্বব্যাপী সাগৰৰ স্তৰ হঠাতে অস্বাভাৱিকভাৱে বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ, বহুতো এলেকা জলমগ্ন হ'ব পাৰে আৰু লোকসকল স্থানচ্যুত হ'ব পাৰে।
সোমবাৰে প্ৰকাশিত নতুন তথ্যই দেখুৱাইছে যে মহাসাগৰৰ উষ্ণতাৰ ফলত থৱেইটছ ইষ্টাৰ্ণ আইচ শ্বেল্ফয়ে (Thwaites Eastern Ice Shelf) নিজৰ ভাৰসাম্য হেৰুৱাইছে, যাৰ ফলত ই বাকী হিমবাহৰ পৰা আঁতৰ হৈ পৰিছে। সেইবাবে ইয়াত বৃহৎ ফাট মেলিছে। আমেৰিকান জিঅ'ফিজিকেল ইউনিয়নৰ (American Geophysical Union) বাৰ্ষিক সভাত উপস্থাপন কৰা উপগ্ৰহ ছবিবোৰেও হিমাবাহৰ ফাটবোৰ দেখুৱাইছিল। গ্লেচিঅ'লজিষ্ট প্ৰফেছৰ টেড স্কেম্বোছে কৈছিল যে, "পৰিস্থিতি দ্ৰুতগতিত সলনি হৈ আছে। পৰৱৰ্তী দশকতকৈও কম সময়ৰ ভিতৰত এই হিমবাহৰ অৱস্থা আচৰিত ধৰণেৰে পৰিৱৰ্তন হ'ব। থৱেইটছ হিমবাহ দ্ৰুতগতিত গলি আছে আৰু এতিয়া ইয়াৰ এটা ডাঙৰ অংশ ভাঙি যোৱাৰ আশংকা কৰা হৈছে, যিটো নিশ্চিতভাৱে এক চিন্তনীয় বিষয়।"
বিজ্ঞানীসকলে কয় যে পৃথিৱীৰ বৰ্ধিত উষ্ণতাৰ বাবে, থৱেইটছ হিমবাহ দ্ৰুতগতিত গলি গৈ আছে, যি সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ বিপদৰ লক্ষণ। এণ্টাৰ্কটিকাৰ পশ্চিম অংশত অৱস্থিত এই হিমবাহটো সাগৰৰ তলত কেইবা কিলোমিটাৰ গভীৰতাত ডুব গৈছে আৰু ডাঙৰ বৰফৰ শিলবোৰ ইয়াৰ পৰা নিৰন্তৰ ভাঙি আছে। ১৯৮০ চনৰ পৰা, ই কমেও ৬০০ বিলিয়ন টন বৰফ গলি গৈছে। থৱেইটছৰ মুঠ এলেকাৰ বিষয়ে ক'লে, ই ব্ৰিটেইনতকৈ মাত্ৰ অলপহে সৰু হ'ব। এনে পৰিস্থিতিত, ই সম্পূৰ্ণৰূপে গলি গ'লে সমগ্ৰ বিশ্বৰ উপকূলীয় অঞ্চলবোৰ ধ্বংস কৰিব পাৰে। বিজ্ঞানীসকলে লগতে স্পষ্ট কৰি দিছে যে হিমবাহৰ কিছু অংশ ভাঙি যোৱাৰ ফলত, পৃথিৱীৰ সাগৰৰ পানীৰ স্তৰ ৫ শতাংশলৈ বৃদ্ধি হ'ব। ইয়াৰ ফলত উপকূলীয় অঞ্চলবোৰ পানীৰ তলত ডুব যাব।
Comments