গুৱাহাটী, ১৩ ডিচেম্বৰঃ ইজৰাইলৰ ইলাটত অনুষ্ঠিত ৭০ সংখ্যক মিছ ইউনিৰ্ভাছ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰা পঞ্জাৱৰ জীয়ৰী হৰনাজ সান্ধুৱে মিছ ইউনিৰ্ভাছ খিতাপ অৰ্জন কৰিলে।২০২০ চনত লাৰা দত্তই এই খিতাপ অৰ্জন কৰাৰ ২১ বছৰ পিছত পঞ্জাৱৰ ২১ বছৰীয়া যুৱতীগৰাকীয়ে পাৰাগুৱেৰ নাদিয়া ফেৰেৰা আৰু দক্ষিণ আফ্ৰিকাৰ লালেলা মছৱানক পৰাস্ত কৰি মিছ ইউনিৰ্ভাছ ২০২১ ৰ মুকুট পৰিধান কৰে । সান্ধুক মেক্সিকোৰ পূৰ্বৱৰ্তী খিতাপধাৰী এণ্ড্ৰিয়া মেজাই তেওঁক মুকুট প্ৰদান কৰে।
প্ৰতিযোগিতাখনৰ অংশ হিচাপে তেওঁক সোধা হৈছিল যে তেওঁৰ দৰে নাৰীসকলে প্ৰত্যাহ্বানৰ সম্মুখীন হ'লে কেনেদৰে মানসিক চাপ দূৰ কৰিব ?
তেওঁ কৈছিল "মই যুৱতীসকলক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ, আপুনি অনন্য আৰু ধুনীয়া বুলি জানিবলৈ কম। নিজকে আনৰ সৈতে তুলনা কৰা বন্ধ কৰক আৰু সমগ্ৰ পৃথিৱীত ঘটি থকা অধিক গুৰুত্বপূৰ্ণ ঘটনাবোৰৰ ওপৰত গুৰুত্ব দিওঁ আহক। মই নিজকে বিশ্বাস কৰিছিলো, আৰু সেইকাৰণে মই আজি ইয়াত থিয় হৈ আছোঁ" ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বতে হৰনাজে মিছ ডিভা ২০২১, ফেমিনা মিছ ইণ্ডিয়া পাঞ্জাৱ ২০১৯ ৰ সন্মান অৰ্জন কৰিছিল । মিছ ইউনিৰ্ভাছ জয় কৰাৰ পিছত লাৰা দত্তই শুভেচ্ছা জনাই কয়;"হৰনাজ সান্ধু তোমাক শুভেচ্ছা জনালোঁ। আমাৰ ক্লাৱলৈ স্বাগতম।মই মিছ ইউনিভাৰ্ছ জয় কৰাৰ সময়ত তোমাৰ জন্ম হৈছিল।"
Comments