Choose Language

  • All  
  • English
  • অসমীয়া

ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবলৈ আহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া ৫ বিধ খাদ্য সামগ্ৰী


Published on December 14, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মাংস, গাখীৰ তথা কণীতকৈ শক্তিশালী চয়াবীন; ইয়াক খোৱাৰ আশ্চৰ্যজনক লাভালাভসমূহৰ বিষয়ে জানক সবিশেষ


Published on December 13, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৩ ডিচেম্বৰঃ আহাৰত চয়াবীন অন্তৰ্ভুক্ত কৰিলে এজন মানুহক বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰে। চয়াবীনত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে। ই কণী, গাখীৰ আৰু মাংসত পোৱা প্ৰ'টিনতকৈ অধিক। চয়াবীন ভিটামিন বি কমপ্লেক্স, ভিটামিন ই, খনিজ আৰু এমিনো এচিড সমৃদ্ধ, যি শৰীৰৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰিও বিভিন্ন ৰোগৰ চিকিৎসাত যথেষ্ট কাৰ্যকৰী। 

মাংসভোজী সকলে প্ৰ'টিনৰ অভাৱ পূৰণ কৰিবলৈ কণী, মাছ আৰু মাংস সেৱন কৰে, কিন্তু নিৰামিষভোজী লোকসকলৰ প্ৰ'টিন সমৃদ্ধ খাদ্যৰ বাবে চয়াবীন হৈছে এক উৎকৃষ্ট বিকল্প। কিয়নো ইয়াত কণী, গাখীৰ আৰু মাংসতকৈও অধিক হাৰত প্ৰ'টিন পোৱা যায়। বিশেষজ্ঞসকলৰ মতে, শৰীৰৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰিও বিভিন্ন ৰোগৰ চিকিৎসাত চয়াবীন যথেষ্ট কাৰ্যকৰী। শাৰীৰিক বিকাশ, ছালৰ সমস্যা আৰু চুলিৰ সমস্যাৰ চিকিৎসাও চয়াবীনৰ দ্বাৰা সম্ভৱ।

চয়াবীন হৈছে এক গুৰুত্বপূৰ্ণ খাদ্য উৎস। ইয়াৰ মুখ্য উপাদানবোৰ হৈছে প্ৰ'টিন, কাৰ্বোহাইড্ৰেট আৰু চৰ্বি। চয়াবীনত ৩৬.৫ গ্ৰাম প্ৰ'টিন, ২২ শতাংশ তেল, ২১ শতাংশ কাৰ্বোহাইড্ৰেট, ১২ শতাংশ আৰ্দ্ৰতা থাকে। 

গাখীৰ আৰু কণী আৰু চয়াবীনত পোৱা প্ৰ'টিনৰ পৰিমাণঃ

১. ১০০ গ্ৰাম চয়াবীনত ৩৬.৫ গ্ৰাম

২. ১০০ গ্ৰাম কণীত ১৩ গ্ৰাম

৩. ১০০ গ্রাম গাখীৰত ৩.৪ গ্ৰাম

৪. ১০০ গ্ৰাম মাংসত ২৬ গ্ৰাম

১০০ গ্ৰাম চয়াবীন দিনটোত খাব পাৰে, কিয়নো ইয়াত প্ৰায় ৩৬.৫ গ্ৰাম প্ৰ'টিন থাকে। দিন এবাৰ চয়াবীন খোৱাৰ ফলত শৰীৰটোৱে যথেষ্ট পুষ্টি লাভ কৰে। প্ৰ'টিনৰ অভাৱ থকা লোকসকলৰ বাবে চয়াবীন এক উত্তম খাদ্য। 

চয়াবীন খোৱাৰ লাভালাভসমূহঃ

১. চয়াবীনত পোৱা এণ্টিঅক্সিডেণ্টে বিভিন্ন ধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

২. চয়াবীনত পোৱা পুষ্টিয়ে হাড়বোৰ শক্তিশালী কৰাত সহায়।কৰে। 

৩. প্ৰ'টিন সমৃদ্ধ চয়াবীন সেৱনে জৈৱ-ৰাসায়নিক প্ৰণালী স্বাস্থ্যকৰ কৰি ৰাখে। 

৪. চয়াবীন খালে কোষ বিকশিত হয় আৰু ক্ষতিগ্ৰস্ত কোষবোৰ মেৰামতি কৰে।

৫. চয়াবীন খালে মানসিক ভাৰসাম্য উন্নত কৰি আৰু মনত তীক্ষ্ণতা বজাই কাম কৰাত সহায় কৰে।

৬. চয়াবীন হৃদৰোগত যথেষ্ট উপকাৰী।

* চয়াবীন খোৱাৰ সঠিক উপায়সমূহঃ

১. ৰাতি শুবলৈ যোৱাৰ আগতে এটা পাত্ৰত পানী লওঁক।

২. ইয়াত ১০০ গ্ৰাম চয়াবীন তিয়াই ৰাখক। 

৩. পুৱা শুই উঠি ৰাতিপুৱাৰ আহাৰৰ সৈতে ইয়াক খাব পাৰে। 

৪. চয়াবীন পাচলিৰ সৈতে বনাই খাব পাৰি।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

July 6, 2022


Entertainment
View Older


From Our Archive

Create Account