গুৱাহাটী, ১৪ ডিচেম্বৰঃ শীতকালত উচ্চ ৰক্তচাপৰ সমস্যা অধিক হোৱা দেখা যায়। বৰ্তমানৰ অখাদ্য, দুৰ্বল জীৱনশৈলী, চাপ আদিৰ বাবে কম বয়সতে লোকসকল ৰক্তচাপত ভুগিবলগীয়া হয়। উচ্চ ৰক্তচাপৰ ফলত সংকীৰ্ণ ধমনীবোৰত প্ৰতিৰোধৰ চাপ বৃদ্ধি কৰে যি শৰীৰটোক বিভিন্ন ধৰণে আমনি কৰে।
উচিত সময়ত ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো পিছলৈ ইয়াৰ বাবে হৃদৰোগৰ আশংকা বৃদ্ধি হৈ পৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ, আহাৰৰ প্ৰতি বিশেষ যত্ন লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ।
প্ৰাকৃতিকভাৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ৫ বিধ খাদ্য সামগ্রীঃ
১. খেজুৰ
খেজুৰত ভিটামিন এ, বি ১, বি ২, বি ৫ ৰ লগতে ভিটামিন চি আৰু পটাছিয়াম সমৃদ্ধ। যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পুৱাৰ আহাৰৰ সৈতে দৈনিক ২-৩ টা খেজুৰ কুহুমীয়া পানীৰে ধুই খালে ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ থাকিব।
২. ডালচেনি
ডালচেনিৰ প্ৰাকৃতিক উপাদানবোৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। প্ৰতিদিনে পুৱা ১/৪ চামুচ ডালচেনিৰ গুড়িৰ সৈতে ১/৪ চামুচ মৌ যোগ দি খোৱাৰ পিছত প্ৰায় আধা ঘণ্টাৰ বাবে একো নাখাব। ই শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব।
৩. খিচমিচ
খিচমিচত পটাছিয়ামৰ লগতে আঁহ থাকে যি ছডিয়াম অৰ্থাৎ শৰীৰত নিমখ সন্তুলিত কৰে। ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায়ক। ৰাতি শুবলৈ যোৱাৰ আগতে একাপ পানীত অলপমান খিচমিচ তিয়াই পুৱা খালী পেটত খিচমিছৰ লগতে পানীখিনি খাব পাৰে।
৪. গাজৰ
গাজৰ স্বাস্থ্যৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। ইয়াক খালে ৰক্তচাপৰ লগতে বহুতো ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। দৈনিক পুৱা ১-২ টা গাজৰৰ ৰস উলিয়াই খাব পাৰে। লগতে ইয়াক চালাড হিচাপেও খাব পাৰে।
৫. বিলাহী
বিলাহীৰ ৰসৰ জৈৱসক্ৰিয় গুণাগুণ আছে যেনে কেৰোটিনইড, ভিটামিন এ, কেলচিয়াম আৰু গামা-এমিনোবুট্ৰিক এচিড, যি একেলগে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, বিলাহী লাইকোপেন নামৰ এক শক্তিশালী এণ্টিঅক্সিডেণ্ট গুণাগুণ পোৱা যায়। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ এবাটি ডালিম, ১ টা বীটৰুট আৰু ১ টা বিলাহী পিচি আৰু ৰস উলিয়াই খাব পাৰে। ইয়াক ৰাতিপুৱা দৈনিক সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্রণত থাকিব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments
মাংস, গাখীৰ তথা কণীতকৈ শক্তিশালী চয়াবীন; ইয়াক খোৱাৰ আশ্চৰ্যজনক লাভালাভসমূহৰ বিষয়ে জানক সবিশেষ
Published on December 13, 2021|News Source : অৰূপ ডেকা
মাংসভোজী সকলে প্ৰ'টিনৰ অভাৱ পূৰণ কৰিবলৈ কণী, মাছ আৰু মাংস সেৱন কৰে, কিন্তু নিৰামিষভোজী লোকসকলৰ প্ৰ'টিন সমৃদ্ধ খাদ্যৰ বাবে চয়াবীন হৈছে এক উৎকৃষ্ট বিকল্প। কিয়নো ইয়াত কণী, গাখীৰ আৰু মাংসতকৈও অধিক হাৰত প্ৰ'টিন পোৱা যায়। বিশেষজ্ঞসকলৰ মতে, শৰীৰৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰিও বিভিন্ন ৰোগৰ চিকিৎসাত চয়াবীন যথেষ্ট কাৰ্যকৰী। শাৰীৰিক বিকাশ, ছালৰ সমস্যা আৰু চুলিৰ সমস্যাৰ চিকিৎসাও চয়াবীনৰ দ্বাৰা সম্ভৱ।
গাখীৰ আৰু কণী আৰু চয়াবীনত পোৱা প্ৰ'টিনৰ পৰিমাণঃ
১. ১০০ গ্ৰাম চয়াবীনত ৩৬.৫ গ্ৰাম
২. ১০০ গ্ৰাম কণীত ১৩ গ্ৰাম
৩. ১০০ গ্রাম গাখীৰত ৩.৪ গ্ৰাম
৪. ১০০ গ্ৰাম মাংসত ২৬ গ্ৰাম
চয়াবীন খোৱাৰ লাভালাভসমূহঃ
২. চয়াবীনত পোৱা পুষ্টিয়ে হাড়বোৰ শক্তিশালী কৰাত সহায়।কৰে।
৩. প্ৰ'টিন সমৃদ্ধ চয়াবীন সেৱনে জৈৱ-ৰাসায়নিক প্ৰণালী স্বাস্থ্যকৰ কৰি ৰাখে।
৪. চয়াবীন খালে কোষ বিকশিত হয় আৰু ক্ষতিগ্ৰস্ত কোষবোৰ মেৰামতি কৰে।
৫. চয়াবীন খালে মানসিক ভাৰসাম্য উন্নত কৰি আৰু মনত তীক্ষ্ণতা বজাই কাম কৰাত সহায় কৰে।
৬. চয়াবীন হৃদৰোগত যথেষ্ট উপকাৰী।
* চয়াবীন খোৱাৰ সঠিক উপায়সমূহঃ
২. ইয়াত ১০০ গ্ৰাম চয়াবীন তিয়াই ৰাখক।
৩. পুৱা শুই উঠি ৰাতিপুৱাৰ আহাৰৰ সৈতে ইয়াক খাব পাৰে।
৪. চয়াবীন পাচলিৰ সৈতে বনাই খাব পাৰি।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Published on January 1, 1970|News Source :