গুৱাহাটী,১৪ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে অসম, অৰুণাচল প্ৰদেশ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, মধ্য প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি ১২ খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত ৷ এই বৈঠকতে উপস্থিত থাকিব বিহাৰ আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীসকল ৷
মঙলবাৰে প্ৰধানমন্ত্ৰী গৰাকীৰ বাৰাণসী ভ্ৰমণৰ দ্বিতীয় দিন ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰা অনুসৰি, মোডীয়ে আজি আবেলি প্ৰায় ৩.৩০ বজাত স্বৰবেদ মহামন্দিৰত সদগুৰু সদাফলদেও বিহংগম যোগসন্তনৰ ৯৮ তম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব ৷এই বৈঠকে শাসন সম্পৰ্কীয় বিষয়সমূহ ভালদৰে আলোচনা কৰাৰ বাবে সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে ৷ এই সু-শাসন সন্দৰ্ভত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ আগত প্ৰতিবেদন দাখিল কৰিব ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলে কাশী বিশ্বনাথ মন্দিৰ পৰিদৰ্শন কৰিব ৷
Comments