গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৪ ডিচেম্বৰ ঃ ৰঘুমলাৰ দৰে গঢ় লৈ উঠা নিউজ প’র্টেলসমূহ অচিৰেই ৰাজ্য চৰকাৰৰ নিয়ন্ত্রণলৈ আহিব৷ সংবাদ পৰিৱেশনৰ নামত কোনো নীতি-নিয়ম অৱলম্বন নকৰা প’র্টেলসমূহক নিয়ন্ত্রণলৈ আনিব ৰাজ্য চৰকাৰে৷ উল্লেখযোগ্য যে সামাজিক মাধ্যম ফে’চবুকৰ দ্বাৰা পৰিচালিত নিউজ প’র্টেলৰ কোনো সীমা-সংখ্যা নাই৷
একাংশ প’র্টেলে খেয়াল-খুচিমতে বাতৰি পৰিৱেশন কৰি আহিছে৷ অসম আৰক্ষীয়েও প’র্টেলসমূহৰ ওপৰত চোকা নজৰ ৰাখিছে৷ এটা পৰিয়ালৰ তিনিজন পর্যন্ত সদস্যই তিনিটাকৈ প’র্টেল চলাই থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ উদ্দেশ্যপ্রণোদিতভাৱে প’র্টেলসমূহক ব্যৱহাৰ কৰাৰ তথ্য ৰাজ্য চৰকাৰে লাভ কৰাৰ পাছত প’র্টেলসমূহক নাকী লগাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷ প’র্টেলসমূহৰ কার্যায়ল ক’ত, স্বত্বধিকাৰী কোন সম্পাদক কোন আৰু সাংবাদিকসকলক কেনেদৰে নিযুক্তি দিয়া হয়, সেই কথা সাধাৰণ লোকৰ জ্ঞাত নহয়৷
সেয়েহে ৰাজ্য চৰকাৰে প’র্টেলসমূহক এটা নির্দিষ্ট গণ্ডীৰ ভিতৰলৈ আনিবলৈ সাজু হৈছে৷ প’র্টেলসমূহক আইনৰ গণ্ডীৰ মাজলৈ আনিবলৈ সাজু হোৱাৰ কথা আজি জানিবলৈ দিছে ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্রী পীয়ুষ হাজৰিকাই৷ আজি সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে চৰকাৰে সংবাদ মাধ্যমৰ বাক৲ স্বাধীনতাত কেতিয়াও আঘাত নিদিয়ে৷
কিন্তু এটা টিভি চেনেল, এখন বাতৰি কাকতে যেতিয়া কোনো লোকৰ মান হানিকৰ বাতৰি পৰিৱেশন কৰে, তেতিয়া সেই সংবাদ প্রতিষ্ঠানৰ বিৰুদ্ধে ভুক্তভোগীয়ে মানহানিৰ গোচৰ তৰিবলৈ আইনৰ আশ্রয় ল’ব পাৰে৷ কিন্তু নিউজ প’র্টেলসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ কোনোধৰণৰ সুযোগ নাথাকে৷ এটা প’র্টেলে এজন লোকক মাৰি থাকিব আৰু লোকজনে প’র্টেলৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব নোৱাৰিব, সেই কথা হ’ব নোৱাৰিব৷
মন্ত্রী হাজৰিকাই কয় যে প’র্টেলসমূহৰ পঞ্জীয়ন মাচুল থাকিব, কার্যালয় ক’ত আছে, স্বত্বাধিকাৰী, সম্পাদক কোন, প’র্টেলটোৱে সাংবাদিকক নিযুক্তি পত্র দিছেনে নাই, দৰমহা কিমানকৈ দিয়ে, শ্রম আইন মানি চলিছেনে নাই আদি তথ্যবোৰ আইনৰ মাধ্যমত থাকিব লাগিব৷ মন্ত্রী হাজৰিকাই আৰু কয় যে প’র্টেল চলি থাকক, ৰাজ্য চৰকাৰে তাত আপত্তি নকৰে৷ ফে’চবুকৰ মাধ্যমেৰে চলা প’র্টেলৰ বাক স্বাধীনতাত ৰাজ্য চৰকাৰে কেতিয়াও আঘাত নকৰে৷ কিন্তু প’র্টেলসমূহৰ সবিশেষ জানিব লাগিব৷ আইনৰ গণ্ডীত থাকি যি কৰে কৰি থাকিব, ৰাজ্য চৰকাৰে আইন উলংঘা কৰি একো নকৰে বুলি স্পষ্ট কৰি দিয়ে তথ্য আৰু জনসংযোগ মন্ত্রীজনে৷
Comments