Classifieds
View All
গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ পৰিয়ালে তেওঁৰ অকাল মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে মন্তব্য প্ৰদান কৰিছে। তেওঁলোকে সকলো সমৰ্থক আৰু অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গোপনীয়তাক সন্মান জনাবলৈ অনুৰোধ কৰিছে।
সিদ্ধাৰ্থৰ পৰিয়ালে কৈছিল যে, "সিদ্ধাৰ্থৰ শেষ যাত্ৰাৰ অংশ হৈ নিস্বাৰ্থভাৱে মৰম কৰা প্ৰত্যেক গৰাকী ব্যক্তিলৈ কৃতজ্ঞতা জনাইছো। সিদ্ধাৰ্থ কেতিয়াও শেষ হৈ যাব নোৱাৰে, কিয়নো তেওঁ আমাৰ হৃদয়ত চিৰকাল জীয়াই থাকিব। সিদ্ধাৰ্থে তেওঁৰ গোপনীয়তাক সদায়ে প্ৰাধান্য দিছিল, সেয়েহে সকলোকে অনুৰোধ কৰিছো আমাৰ পৰিয়ালটিৰ গোপনীয়তাক সন্মান জনাব।"
ইপিনে, সিদ্ধাৰ্থৰ পৰিয়ালটোৱে লগতে মুম্বাই আৰক্ষী বাহিনীক তেওঁলোকৰ সংবেদনশীলতা আৰু সহানুভূতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
Comments