গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ আফগানিস্তানৰ এগৰাকী সাংবাদিকে তেওঁৰ এটা টুইটত জনাইছিল যে ঘোৰ প্ৰদেশত এগৰাকী আফগানিস্তানৰ মহিলা আৰক্ষী তালিবানী সন্ত্ৰাসবাদীয়ে তেওঁৰ পৰিয়ালৰ সন্মুখতে গুলীয়াই হত্যা কৰিছিল। নিগাৰা নামৰ দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱা মহিলাগৰাকী ৬ মাহৰ গৰ্ভৱতী আছিল আৰু তেওঁৰ স্বামী আৰু সন্তানৰ সন্মুখতে নিষ্ঠুৰভাৱে গুলীবৰ্ষণ কৰা হৈছিল বুলি সাংবাদিকজনে জানিবলৈ দিয়ে।
এক বিশেষ সূত্ৰৰ পৰা জানিব পোৱা অনুসৰি, "মহিলাসকলে তালিবানৰ সন্ত্ৰাসত মূৰ আৰু শৰীৰৰ আৱৰণ ক্ৰয় কৰা আৰম্ভ কৰিছিল, কিয়নো যদিহে তেওঁলোকক হিজাব বা বোৰ্খা অবিহনে দেখা যায় তেন্তে তেওঁলোকক প্ৰহাৰ কৰাৰ লগতে, গুলীয়াই হত্যা কৰা হ'ব। যি ঘটনা ১৯৯০ ৰ দশকত দেশখনত দেখিবলৈ পোৱা গৈছিল।
বৰ্তমান তালিবানে যুদ্ধ বিধ্বস্ত দেশখনৰ নিয়ন্ত্ৰণ নিজৰ অধীনত লোৱাৰ পিছত চৰকাৰ গঠনত মহিলাৰ অধিকাৰৰ বাবে শতাধিক মহিলাই হেৰাটত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু তাৰ কেইদিনমান পিছতে মহিলা আৰক্ষীগৰাকীক চলোৱা এই হত্যাকাণ্ডই পৰিস্থিতি অধিক বিপৰ্যস্ত হৈ পৰিছে।
যিহেতু তালিবানে ২০ বছৰৰ পিছত পুনৰ আফগানিস্তান নিজৰ নিয়ন্ত্ৰণত ল'বলৈ সক্ষম হৈছে। ইপিনে, বিশেষজ্ঞসকলে বিশ্বাস কৰে যে আফগানিস্তানত মহিলাসকল তালিবানৰ শাসনকালত এক অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক।
Comments