Classifieds
View All
গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ (এমচিইউ)ৰ বহুচৰ্চিত একচন এডভেঞ্চাৰ ছবি 'ইটাৰ্ণেলছ' আগন্তুক ৫ নৱেম্বৰত ভাৰতত মুক্তি পাবলৈ সাজু হৈ উঠিছে।
বহুচর্চিত 'ইটাৰ্ণেলছ' চিনেমাখন ইংৰাজী, হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত মুক্তি পাব। একাডেমী বঁটা আৰু 'নোমাডলেণ্ড'ৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ গোল্ডেন গ্ল'ব বঁটা আদিৰ দৰে কেইবাটাও সন্মান লাভ কৰা ক্লো ঝাওৱে চিনেমাখন পৰিচালনা কৰিছে। ইপিনে, পৰিচালক হিচাপে ইটাৰ্ণেলছ হৈছে তেওঁৰ চতুৰ্থখন চিনেমা।
এম চি ইউৰ ২৬ তম স্থানত অন্তৰ্ভুক্ত হ'বলগীয়া চিনেমাখনত ৰিচাৰ্ড মেডেন, জেমাইমা চান, কুমাইল নানজিয়ানি, লৰেন ৰিডলফ, ব্ৰায়ান টাইৰি হেনৰী, চালমা হায়েক, লিয়া মেকহুগ, ডন লী, বেৰী কিওগান, এঞ্জেলিনা জ'লি আৰু কিট হেৰিংটনে অভিনয় কৰিছে।
Comments