গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ বৃহন্মুম্বাই পৌৰ নিগম (বিএমচি) শাসিত শিৱসেনাই ভৈখাল্লা চিৰিয়াখানাত থকা ৭ টা পেংগুইনৰ পৰৱৰ্তী তিনি বছৰৰ বাবে যতন ল'বলৈ প্ৰায় ১৫.২৬ কোটি টকাৰ নিবিদা জাৰী কৰাৰ বাবে কংগ্রেছে তীব্ৰ সমালোচনা কৰে। বি এম চিৰ বিৰোধী দলৰ নেতা ৰবি ৰাজাই সমালোচনা কৰি কয় যে, "পেংগুইনৰ যত্ন ল'বলৈ ইমান টকা খৰচ কৰাৰ প্ৰয়োজনীয়তা কি আছে।"
দৰাচলতে, যোৱা মাহৰ ১৩ আগষ্টত, বিএমচিয়ে পেংগুইন কেইটাৰ যত্ন লোৱাৰ নামত ৩ বছৰ অৰ্থাৎ ৩৬ মাহৰ বাবে ১৫.২৬ কোটি টকাৰ নিবিদা প্ৰস্তুত কৰিছিল, যাৰ ভিতৰত স্বাস্থ্য পৰীক্ষাৰ লগতে অন্যান্য সুবিধাসমূহ অন্তৰ্ভুক্ত আছিল।
ইপিনে, ঠিকাদাৰসকলক লাভান্বিত কৰিবলৈ শিৱসেনাই এই চুক্তি কৰিছে বিজেপি বিধায়ক নীতেশ ৰাণেও সমালোচনা কৰে। বিজেপি বিধাায়ক গৰাকীয়ে লগতে কয় যে, "ক'ভিডকালত কৰ্তব্যৰত কৰ্মচাৰীসকলক সময়মতে বেতন পৰিশোধ কৰা হোৱা নাই, তেনে ক্ষেত্রত চৰকাৰে পেংগুইনৰ বাবে ১৫ কোটিৰো অধিক টকা ব্যয় কৰিব বিচাৰাটো সম্পূর্ণ অনুচিত।"
উল্লেখ্য যে কংগ্ৰেছ দল আৰু এনচিপি মহাৰাষ্ট্ৰৰ মহাঘাদী (এমভিএ) চৰকাৰত শিৱসেনাৰ অংশীদাৰত্ব আছে। তথাপিও, কংগ্ৰেছে চিৰিয়াখানাত পেংগুইনৰ যত্ন লোৱাৰ নামত কোটি কোটি খৰচ কৰাৰ বাবে নিজৰ সমৰ্থনকাৰী ৰাজ্য চৰকাৰক সমালোচনা কৰা বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে।
Comments