গুৱাহাটী,৬ ছেপ্টেম্বৰ:আমি কহিনুৰ হীৰা সম্পৰ্কে বহুতো কাহিনী শুনি থাকো। কোৱা হয় যে কহিনুৰ হীৰা এসময়ত ভাৰতৰ গৌৰৱ আছিল যি আজি লণ্ডনৰ ৰাণী এলিজাবেথৰ মুকুটৰ গৌৰৱ বৃদ্ধি কৰিছে। আপুনি নিশ্চয় এই কহিনুৰ হীৰা সম্পৰ্কীয় বহুতো কাহিনী শুনিছে। কিন্তু এই কহিনুৰ হীৰাটোৰ উৎপত্তি স্থল কি সেই সম্পৰ্কে আছে পিছে বহুতো মতবাদ ।
কোৱা হয় যে কৃষ্ণা নদীৰ ওচৰৰ খনিত কহিনুৰ হীৰা পোৱা গৈছিল। এই খনিবোৰক কুল্লুৰ খনি বুলি কোৱা হয়। এই খনিটো বৰ্তমান ভাৰতৰ অন্ধ্ৰ প্ৰদেশত অৱস্থিত। ১৮৫০ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সঞ্চালকজনে আৱিষ্কাৰ কৰিছিল যে এই হীৰাটো । এই হীৰাটোৰ ওজন আছিল ৭৯৩ কেৰেট ।
এই হীৰাটো প্ৰথমে বাবৰনামাত উল্লেখ কৰা হৈছিল। বাবৰনামা হৈছে বাবৰৰ আত্মজীৱনী।কোৱা হৈছিল যে বাবৰক তেওঁৰ মৰমৰ পুত্ৰ হুমায়ুনে এই হীৰাটো উপহাৰ দিছিল।বাবৰনামাত এইটোও উল্লেখ আছিল যে হুমায়ুনে চুলতান ইব্ৰাহিম লোধিক পৰাজিত কৰাৰ পিছত হুমায়ুনে আগ্ৰা দুৰ্গৰ সকলো সম্পদ কাঢ়ি লৈ গৈছিল। ইয়াৰ মাজতে গোৱালিয়ৰৰ ৰজাই হুমায়ুনক এটা হীৰা উপহাৰ দিছিল। তেওঁ সেই হীৰাটোকেই দেউতাক অৰ্থাৎ বাবৰক উপহাৰ দিছিল।
বাবৰৰ পৰি নাতি শ্বাহজাহানে সপ্তদশ শতিকাত নিজৰ বাবে এখন বিশাল সিংহাসন নিৰ্মাণ কৰিছিল,এই সিংহাসন খন নিৰ্মাণ কৰিবলৈ ৭ বছৰ সময় লাগিছিল আৰু চৈয়দ গিলানি নামৰ এজন কাৰিকৰে নিৰ্মাণ কৰিছিল। এই সিংহাসন খনকেই পিছলৈ ময়ূৰ সিংহাসন বুলি কোৱা হৈছিল। বাবৰক দিয়া এই হীৰাটোও এই সিংহাসনত ৰখা হৈছিল।
হীৰা খচিত কৰাৰ লগে লগে সিংহাসনৰ মূল্য বহুগুণে বৃদ্ধি পাইছিল,ইয়াৰ পিছত সমগ্ৰ বিশ্বৰ জুৱেলাৰসকলে ইয়াক চোৱাৰ বাবে আহিবলৈ আৰম্ভ কৰিছিল। এই সকলোবোৰৰ ভিতৰত ভেনিচ চহৰৰ হৰ্টানচো বৰগিয়াও এই সিংহাসনখন চাবলৈ আহিছিল। ঔৰঙ্গজেবে এই হীৰাটো হৰ্টানচো বৰগিয়াক ইয়াৰ উজ্জ্বলতা বঢ়াবলৈ দিছিল। কিন্তু তেওঁ নিজৰ কামত খেলিমেলি কৰিছিল আৰু হীৰাৰ বহুতো টুকুৰা ভাঙি পৰিছিল। এতিয়া এই হীৰাটো ৭৯৩ কেৰেটৰ পৰিৱৰ্তে মাত্ৰ ১৮৬ কেৰেটহে বাকী আছে। এই কাৰ্য্যৰ বাবে বৰগিয়াক ১০০০০ টকা জৰিমনা বিহা হৈছিল।
১৭৯৩ চনত, দিল্লী শ্বাহ নাদিৰে দখল কৰিছিল। নাদিৰৰ লোকসকলে দিল্লীত গণহত্যা চলাই আছিল আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ মোগল চুলতান মহম্মদ শ্বাহে তেওঁক হীৰাসহ ২.৫ লাখ টকাৰ গহনা দিছিল। শ্বাহ নাদিৰে হীৰাটোক প্ৰথমে কহিনুৰ বুলি অভিহিত কৰিছিল। যেতিয়া নাদিৰক হত্যা কৰা হৈছিল,এই হীৰাটো আহমেদ শ্বাহ দুৰানীয়ে লৈ আহিছিল।
কিন্তু এটা সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কহিনুৰ হীৰা দখল কৰিছিল। ইফালে ডেলহাওচি নামৰ ভাইচৰয়ে ইয়াক নিজৰ হাতলৈ আনি লণ্ডনলৈ লৈ গৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সঞ্চালকসকলক হীৰাটো উপহাৰ দিয়ে। হীৰাটোৰ মূল্য যথেষ্ট বেছি আছিল সেয়েহে ইয়াক কোম্পানীৰ কামত ব্যৱহাৰ কৰা হোৱা নাছিল আৰু কোম্পানীটোৱে ৰাণী ভিক্টোৰিয়াক এই হীৰাটো উপহাৰ দিছিল। সেইদিনটো আছিল ১৮৪৯ চনৰ ২৯ মাৰ্চ। যিহেতু হীৰাটোৰ দাম বহুত বেছি আছিল, ৰাণীয়ে ইয়াক তেওঁৰ মুকুটত ৰাখিছিল। তেতিয়াৰ পৰায়ে হীৰাটোৱে ৰাণীৰ মুকুটৰ গৌৰৱ বঢ়াই ৰাখিছে।
Comments