Classifieds
View All
গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে সোমবাৰে ৰাজনৈতিক দলসমূহক ৰাজ্যখনত ক'ভিড-১৯ৰ দৈনিক ঘটনা সামান্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জনসমাগম পৰিহাৰ কৰিবলৈ প্ৰতিবাদী অনুষ্ঠান, ৰাজহুৱা সভা আৰু অন্যান্য কাৰ্যসূচী বন্ধ কৰিবলৈ আহ্বান জনায়।
ঠাকৰে এক বিবৃতিত কয় যে, "আমি উৎসৱসমূহ পিছতো উদযাপন কৰিব পাৰিম, কিন্তু তাৰ পূৰ্বে আমি আমাৰ নাগৰিকসকলৰ জীৱন আৰু স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ।"
ইপিনে, বিগত কেইদিনমানৰ পৰা মুম্বাইত দৈনিক ৪০০ ৰো অধিক ক'ভিড-১৯ ৰ গোচৰ পঞ্জীয়ন কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুুসৰি, মহাৰাষ্ট্ৰত দেওবাৰে ৪,০৫৭ জন নতুনকৈ ক'ৰানাত আক্রান্ত হৈছে। যাৰ ফলত ৰাজ্যখনত সংক্ৰমিত হোৱা লোকৰ সংখ্যা ৬৪,৮৬,১৭৪ জনলৈ বৃদ্ধি পাইছে।
Comments