গুৱাহাটী,৫ ছেপ্টেম্বৰ:মহাজোঁটৰ পৰা বিপিএফ ওলাই আহি বিজেপিত যোগদানৰ প্ৰস্তাৱ দিয়াৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিটিআৰ সচিব প্ৰমোদ বড়োৱে৷ হাগ্ৰামা মহিলাৰী ক’ত যায় ক’ত নাযায় সেই কথা নাজানো বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। বিপিএফ-বিজেপিৰ মিত্ৰতা হ’লে ইউপিপিএল দলে কি কৰিব সেইটো শীতল মস্তিষ্কৰে দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি কয় প্ৰমোদ বড়োৱে।
পৃথিৱীত অকল ৰাজনীতি কৰিয়ে মানুহে খাই থকা নাই, অসমীয়া জাতিৰ স্বাৰ্থত সকলো লোকে একত্ৰিত হ’ব লাগে বুলি প্ৰমোদ বড়োৱে মন্তব্য প্ৰদান কৰে। সাংসদ নৱ কুমাৰ শৰণীয়াই দল সলনি কৰা কথাটো তেওঁ অজ্ঞতা প্ৰকাশ কৰি কয়,"মই সেয়া নাজানো সংবাদ মাধ্যমতহে দেখিহে আছোঁ।"বিপিএফৰ দলীয় মজিয়াত কি হৈ আছে সেইবোৰ জনাৰ কাৰণে তেওঁ ইচ্ছুক নহয় বুলিও কয়৷ ”’বিপিএফ ক’ৰবালৈ গ’লেও ইউপিপিএলৰ লাভ-লোকচান একো নাই।” বুলি তেওঁ কয়।
Comments