Cartoon
View Older
গুৱাহাটী,৫ ছেপ্টেম্বৰ:মহাজোঁটৰ পৰা বিপিএফ ওলাই আহি বিজেপিত যোগদানৰ প্ৰস্তাৱ দিয়াৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিটিআৰ সচিব প্ৰমোদ বড়োৱে৷ হাগ্ৰামা মহিলাৰীক প্ৰচুৰ সমালোচনাৰ কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপকলৈ গৌৰৱ প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ ইতিহাসেই নহয়, তেওঁ এখন অভিধান হয়। অসমখনক ৰাষ্ট্ৰৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰি আছে মুখ্যমন্ত্ৰীয়ে৷ আমি সেইবোৰতহে সহযোগ কৰিব লাগে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো উগ্ৰপন্থী সমস্যা সমাধান হ’বলৈ গৈ আছে৷ এইবোৰ দেশৰ কাৰণে মংগলজনক কাম বুলি ব্যক্ত কৰে প্ৰমোদ বড়োৱে।
Comments