গুৱাহাটী,৫ ছেপ্টেম্বৰঃ ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। দ্বাদশ আৰু স্নাতক ষষ্ঠ ষান্মাসিক শ্রেণীৰ পাঠগ্রহণৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে।স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰো পাঠগ্রহণৰ অনুমতি প্ৰদান কৰিছে শিক্ষা বিভাগে।
যিসকল শিক্ষাৰ্থীৰ শ্রেণী আৰম্ভ হ’ব সেইসকল শিক্ষাৰ্থীহে থাকিব পাৰিব হোষ্টেলত।হোষ্টেলৰ প্রতিগৰাকী আৱাসীয়ে দুটা পালি ভেকচিন লোৱাটো বাধ্যতামূলক।
এপালি ভেকচিন লোৱা শিক্ষাৰ্থীয়ে পাঠগ্রহণ কৰিব পাৰিব। ১৮ বছৰ উৰ্ধ্বৰ দ্বাদশ শ্রেণীৰ সকলো শিক্ষাৰ্থীক শ্ৰেণী কোঠাত উপস্থিত থকাৰ অনুমতি দিয়া হৈছে।শ্ৰেণীসমূহৰ এটা শাখাত ৩০জনতকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব।প্রয়োজন সাপেক্ষে শাখা বৃদ্ধি কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই।
শিক্ষানুষ্ঠান আৰম্ভ হোৱাৰ প্ৰথম ৩দিনত শিক্ষক, শিক্ষাৰ্থী,শিক্ষাকৰ্মীৰ ভেকচিন প্রদানৰ ব্যৱস্থা কৰা হ’ব।বাকী সকলো শ্রেণীৰ বাবে অনলাইন শিক্ষাদানৰ ব্যৱস্থাই বাহাল থাকিব।
Comments